১৯২৭ চনত সেই সময়ৰ অসমৰ কৃষি বিভাগৰ সঞ্চালক ৰায় বাহাদুৰ কে.এল.বৰুৱা,বি.এল.ডাঙৰীয়াই কষি আয়োগৰ ওচৰত দাখিল কৰা এখন স্মাৰকত সেই সময়ৰ কৃষি বিভাগৰ এখন হুবহু চিত্ৰ দেখা য়ায
১৯০৬-০৭ চনৰ পৰা ১৯১১-১২ চনৰ সময়ছোৱাত অসম দেশ যেতিয়া পূৰ্ব্ব বঙ্গৰ লগত চামিল হৈছিল,সেই সময়ছোৱাক বাদ দি উঠি এই বিভাগটো যদিও ভূমি লেখ্য বিভাগ(Land Record)বা উদ্যোগ আৰু সমবায় বিভাগৰ লগত সংযুক্ত হৈ আছিল, তথাপিও আধা শতিকা জুৰি অস্তিত্ত্ব থকা বিভাগটোৱে বিস্তৃতিৰ বাবে যথেষ্ট পথ দেখিছিল।১৯৩০ চনত উদ্যোগ আৰু সমবায় বিভাগটো ইয়াৰ পৰা আঁতৰাই নিয়া হয় আৰু ১৯৩০ চনৰ নবেম্বৰ মাহৰ পৰা কৃষি বিভাগটো এক স্বতন্ত্ৰ বিভাগ হয়।০১.০৪.১৯৩১ চনত মিঃএ.জি বাৰ্ট ডাঙৰীয়াই অসমৰ কৃষি বিভাগত যোগদান কৰা প্ৰথমজন কাৰিকৰী ভাৱে শিক্ষিত সঞ্চালক।যিয়ে হওঁক,তেওঁৰ পূৰ্ব্বসুৰী সকল যদিও সাধাৰণ অন্য বিষয়ৰ হে আছিল, তথাপি ৰাজ্যৰ কৃষি খণ্ডৰ বৰ্দ্ধিত বিষয়া আৰু কৰ্মচাৰীৰ সংখ্যাৰ পৰা আৰু প্ৰথম ৫০ বছৰত বিশিষ্ট খাদ্য শস্যৰ গৱেষণাৰ বাবে প্ৰতিস্থা কৰা গৱেষণা কেন্দ্ৰ বিলাকৰ কথাটো দেখিলেই কব পাৰি।
যদিও গৱেষণা কেন্দ্ৰসমূহ স্থাপন কৰা হ’ল, তথাপি সেই বিষয়ত শিক্ষা আৰু প্ৰশিক্ষণৰ কাম এতিয়াওঁ বাকী। প্ৰাৰম্ভিক হিচাপে দুখন ‘ বেচিক এগ্ৰিকালচাৰেল স্কুল ’ -এখন যোৰহাটত আৰু আনখন চিলেটত(বৰ্ত্তমান বাংলাদেশৰ অন্তৰ্গত)‘অসম নিবনুৱা অনুসন্ধান কমিটি’ৰ অনুমোদন অনুসৰি প্ৰতিস্থা কৰা হয়,যাতে গ্ৰাম্য যুৱক সকলক তাতে প্ৰশিক্ষণ দিব পাৰি।সেই স্কুল কেইখনৰ পৰা পাছ কৰি অহা কিছুমানক কৃষি বিভাগত ‘ ডেমনষ্ট্ৰেটৰ ’ পদত মকৰল কৰা হ’ল, ১৯৩৮ চনত। CAR ৰ অৰ্থ সাহায্যত বৰ্ণিহাটত(বৰ্ত্তমান মেঘালয়ৰ অন্তৰ্গত) এটা ‘কমলা গৱেষণা কেন্দ্ৰ’ প্ৰতিস্থা কৰা।এই কেন্দ্ৰৰ পৰা বহুবিলাক ভাল ভাল কাম কৰা হৈছে। শ্ৰী এছ.চি.বি. ভট্টাচাৰ্য্য আৰু শ্ৰী এছ দত্তই তেখেত সকলৰ সহযোগী হিচাপে শ্ৰী.কে শৰ্মাক লগত লৈ বৰ্ণিহাটক তেখেত সকলৰ কৰ্মৰ কেন্দ্ৰ হিচাপে ধৰি গোটেই অসমতে কমলা জাতীয় টেঙাৰ ওপৰত বিস্তৃত ভাৱে জৰীপ চলাই এছ.চি.ভট্টাচাৰ্য্য আৰু শ্ৰী এছ দত্তই কমলা জাতীয় টেঙাৰ শ্ৰেণী বিভাজনৰ ওপৰত ১৯৫৬ চনত প্ৰকাশ কৰা পুথিখন বৰ দৰ্কাৰী আৰু এইটো কেন্দ্ৰত হোৱাস কৰ্মৰাজিৰ এটা অংশ।
যোৱা ত্ৰিশৰ দশকত দেশত হোৱা এটা উল্লেখযোগ্য ঘটনা হ’ল কৃষিজাত সামগ্ৰীৰ মূল্যত হোৱা খহনীয়া।এই খহনীয়া ৰোধৰ বাবে ভাৰত চৰকাৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অৰ্থ সাহায্যত ১৯৩৫ চনত অসমত কৃষি সামগ্ৰী বিপনন আঁচনিখন প্ৰৱৰ্ত্তন কৰে।এই আঁচনিখন১৯৪৭ চনত বন্ধ হৈ যায়।
চল্লিশৰ দশকত ভাৰতত প্ৰচুৰ মূল্যবৃ্দ্ধি হোৱা দেখা গ’ল। গোটেই দেশ জুৰি হোৱা ৰাজনৈতিক উখল-মাখলৰ পিছত ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে। দ্বিতীয় মহাযুদ্ধয়ো গোটেইখন সলনি কৰিলে আৰু যুদ্ধকালিন সময়ছোৱাত খাদ্য মজুতক ৰণৰ বাবে বিভাগীয় ভাৱে প্ৰাধান্য দিলে। ভাৰত চৰকাৰেও অধিক শস্য উত্পাদন(Grow More Food) আঁচনিখন ১৯৪২-৪৩ চনত আৰম্ভ কৰি তাৰে ওপৰত বৰ জোৰ দিবলৈ ধৰিলে।বিভাগৰ স্বাভাৱিক কাম-কাজৰ সলনি হ’ল ।
নতুনকৈ ঘোষিত অগ্ৰাধিকাৰৰ ভিত্তিত ১৯৪২ চনত বহুবিলাক বীজপামৰ সৃষ্টি হৈছিল। কাছাৰৰ শালচাপাৰা,দৰঙৰ দলগাওঁ আৰু নগাওঁৰ শেনচোৱাত বীজ পামৰ আৰম্ভ হৈছিল।১৯৪৮ চনত গোৱালপাৰাৰ গোলোকগঞ্জত,নগাওঁৰ কঠিয়াতলিত আৰু কামৰূপৰ কাঁহিবাৰীকে ধৰি বহুবিলাক বীজপামৰ প্ৰতিস্থা হৈছিল। শিৱসাগৰ জিলাৰ ককিলামুখত ১৯৩৬ চনতে স্থাপিত পামখনক ছাত্ৰ সকলৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
ভাৰত বিভাজনৰ ফলস্বৰূপে চিলেট জিলাৰ হাবিগঞ্জৰ পামখন হেৰুৱালে।এই ক্ষতি পুৰাবলৈ ১৯৪৮ চনত নগাওঁ জিলাৰ ৰহাত এটা দ’ পানীৰ ধান গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয়।
কৃষি বিভাগৰ বৃহত্ সম্প্ৰসাৰণৰ বাবে গৱেষণা আৰু প্ৰশাসনীয় দিশটো চোৱা-চিতা কৰিবলৈ শিক্ষিত আৰু প্ৰশিক্ষিত বহুবিলাক মানুহৰ প্ৰয়োজন হৈ উঠিল।এই প্ৰয়োজনীয়তা পুৰাবলৈ বিভাগে শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে আন্তঃগাঠনিৰ সৃষ্টি কৰিলে।কামৰূপৰ খানাপাৰাত এখন গ্ৰাম সেৱক প্ৰশিক্ষণ স্থাপন কৰা হ’ল আৰু যোৰহাটৰ কৃষি বিদ্যালয় ১৯৪৮ চনত গ্ৰাম সেৱক প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰা হ’ল। বিভাগৰ আন এটা উল্লেখযোগ্য কাম হ’ল কৃষি মহাবিদ্যালয়(Assam Agricultural College) খন স্থাপন কৰা কাৰ্য্য ;ৰেভঃবি.এম.পাগ ইয়াৰ প্ৰথম জনা অধ্যক্ষ আছিল। ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰাৰ পিছত এই মহাবিদ্যালয়খনক কৃষি মহাবিদ্যালয়( College Of Agriculture)বুলি নতুনকৈ নামাকৰণ কৰা হয়য এই মহাবিদ্যালয়খনেই হ’ল ৰাজ্যত কৃষি শিক্ষা আৰু গৱেষণাৰ ঘাই কেন্দ্ৰ বিন্দু।
১৯৪৭ চনত ভাৰতবৰ্ষত স্বাধীন হোৱাৰ লগে লগে অধিক শস্য উত্পাদন অভিযানৰ(Grow More Food Campaign) অধীনত বিস্তৃত কাৰ্য্য আৰম্ভ হ’ল। ফলস্বৰূপে, ১৯৫০ চনত আৰম্ভ হোৱা প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনাৰ অধীনত চৰকাৰে প্ৰচুৰ অগ্ৰাধিকাৰ দিয়ে। অধিক শস্য উত্পাদন আঁচনিখন বেলেগ বেলেগকৈ এজন মন্ত্ৰীৰ অধীনত, স্বৰ্গীয় এছ.এন. মেহতো, আই.চি.এছ ডাঙৰীয়াক আয়ুক্ত হিচাপে লৈ আৰম্ভ কৰা হয়। ক্ষুদ্ৰ জলসিঞ্চন, মাটিৰ আবাদীকৰণ, শস্য উত্পাদন আৰু বিতৰণ,গছ সংৰক্ষণ আৰু কৃষকক প্ৰশিক্ষণ দি কৃষি বিভাগে বিভিন্ন আঁচনিৰ মাধ্যমেদি কৃষিক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছে। এই সময়ছোৱাৰ ভিতৰতে বৰো ধানৰ খেতি কৰিবলৈ পাম্প চেটৰ সূচনা কৰা হৈছে। ধান, কুঁহিয়াৰ আৰু ফলৰ ওপৰত গৱেষণা কৰাৰ উপৰিও বিভাগটোৱে গৱেষণাৰ ক্ষেত্ৰখন আন আন শস্যৰ ওপৰলৈও বহলাই নিছে। ১৯৪৬ চনত নগাওঁৰ চিলঙনি পাম আৰু যোৰহাটৰ ওচৰৰ ককিলামুখ পামত দাইলৰ ওপৰত গৱেষণা আৰম্ভ হৈছে । ১৯৭৩ চনত এই সকলো বিলাক গৱেষণাৰ কাম অসম কৃষি বিশ্ববিদ্যালয়লৈ হস্তান্তৰ কৰা হৈছে।বৰপেটাৰ ওচৰৰ সৰভোগত ১৯৫৭ চনত ভাৰতীয় কেন্দ্ৰীয় মৰাপাট কমিটিয়ে মৰাপাটৰ গৱেষণাৰ বাবে পাম আৰম্ভ কৰিছিল, পিছত ১৯৬১ চনত ইয়াক কৃষি বিভাগলৈ হস্তান্তৰ কৰে। এই গৱেষণা কেন্দ্ৰটোৰ কাৰ্য্যপদ্ধতি সমূহ ১৯৬৫ চনত চিলঙনি পামলৈ স্থানান্তৰ কৰা হয়, যিটো এতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত।
কৃষি বিভাগে ১৯৬৩-৬৪ চনত চাপৰ বিধ ধান আৰু ১৯৬৮-৬৯ চাপৰ বিধ মেক্সাকান গোম অসমলৈ অনাৰ লগে লগে অধিক শস্য উত্পাদনৰ যুগটো আৰম্ভ হৈ গ’ল। এটা বিশেষ ধান উন্নয়ন আঁচনি যিটোক ইনটেনচিভ এগ্ৰিকালচাৰেল ডিষ্ট্ৰিক প্ৰগেম বুলি কোৱা হৈছিল, সেইটো ১৯৬৩ চনত কাছাৰ জিলাত আৰম্ভ হৈছিল আৰু ১৯৬৮ চনলৈ আছিল। এই আঁচনিখনক ফুড ফাউণ্ডেচনে পোষকতা কৰিছিল যিটোৱে অসমৰ কৃষক সকলৰ মাজত আধুনিক খেতি কৰা পদ্ধতিটো জনপ্ৰিয় কৰাত বহুখিনি অৱদান যোগাইছিল
কৃষকসকলৰ মাজত শস্য উত্পাদনৰ কৌশল বিস্তৃত কৰাৰ পিছত কৃষকসকলৰ বাবে আন্তঃগাঠনি যেনে বীজৰ প্ৰাচুৰ্য্য,সাৰ,কীটনাশক,য্ন্ত্ৰ-পাতি আৰু সজুঁলিৰ উপলদ্ধৰ বাবে চৰকাৰে অনুভৱ কৰিলে এই কথাখিনিকে মনত ৰাখি কৃষি বিভাগে দুটা নিগমৰ আৰম্ভ কৰিলে; যেনেঃ-১৯৬৭ চনৰ ২৭ জানুৱাৰী তাৰিখে অসম এগ্ৰো-ইণ্ডেষ্ট্ৰীজ ডেভেলপমেন্ট কৰ্পোৰেচন লিঃ।
আধুনিক পদ্ধতিত খেতি কৰাৰ নিয়মটোৰ বিষয়ে ষাঠিৰ দশকৰ শেহৰ ফালেহে মানুহৰ সজাগতা আহে। আকৌ আধুনিকীকৰণৰ আশাটো আগুৱাই আহিল। ফলস্বৰূপে ১৯৬৯ চনৰ ১ এপ্ৰিলত প্ৰথমখন কৃষি বিশ্ববিদ্যালয় প্ৰতিস্থা হয়; প্ৰাক্তন কৃষি সঞ্চালক ডঃএছ.আৰ.বৰুৱা ইয়াৰে প্ৰথমজন উপাচাৰ্য্য হয়। যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়তে বিশ্ববিদ্যালয়খন আৰম্ভ হয়।এতিয়া এইখনে বাধ্যতামূলক ভাৱে শিক্ষা দান, গৱেষণা আৰু বিস্তৃতি লাভ কৰি এখন পূৰ্ণ পৰ্য্যায়ৰ আধুনিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছে। ১৯৭৩ আৰু ১৯৭৬ চনত ভূমিহীন কৃষকক অংশীদাৰ হিচাপে লৈ এঘাৰখন এগ্ৰিকালচাৰেল ফাৰ্মিং কৰ্পোৰেচন(কৃষি পাম নিগম)খোলা হৈছিল।১৯৭৫ চনৰ ২৪ চেপ্তেম্বৰ তাৰিখে অসম ৰাজ্যিক কৃষি পন্য বিপনন পৰিষদ খন আৰম্ভ হয়।কিন্তু অসম কৃষি পণ্য বিপনন আইন,১৯৭২ খন ১৯৭৭ চনৰ জুন মাহৰ পৰাহে বলবত্ হয়। অসমত ১৯৭৭ চন পৰ্য্যন্ত কমিউনিটি ডেভেলপমেন্ট ব্লকৰ অধীনত কৃষি সম্প্ৰসাৰণ সেৱাই কাম কৰিছিল।
বিশ্ব বেঙ্কৰ সহায়ত ১৯৭৮-৭৯ সময়ছোৱাত সম্প্ৰসাৰণৰ পদ্ধতিত প্ৰশিক্ষণ আৰু পৰিদৰ্শন(Training and Visit-T&V)নিয়ম প্ৰৱৰ্ত্তন কৰাৰ লগে লগে কৃষি সম্প্ৰসাৰণ আঁচনিখন কৃষি বিভাগৰ অধীনত একেশাৰীতে আহি গ’ল।শস্যৰ উত্পাদন বঢ়াবৰ বাবে ৰাজ্যত গুণমান ব বিশিষ্ট বীজ উত্পাদন কৰাটো এটা দৰ্কাৰী পদক্ষেপ।অসম ষ্টেট চীড চাৰ্টিফিকেচন এ়জেঞ্চীক( ASSCA)বীজৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ ১৯৮৫ চনৰ ১ জানুৱাৰী তাৰিখে স্থাপন কৰা হয়। বৰ্ত্তমান ASSCA অসম আৰু মেঘালয়ত বীজৰ প্ৰমাণ-পত্ৰ দিয়াত নিয়োজ কৰা হৈছে।
বিশ্ব বেঙ্কে সমৰ্থন কৰা অসম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড এগ্ৰিকালচাৰেল চাৰ্ভিচ প্ৰজেক্ট(ARIASP)নামৰ আঁচনিখন ১৯৯৫-৯৬ চনত আৰম্ভ কৰি আঠ বছৰলৈ বাহাল থাকিব আ ৰু কৃষি বিভাগটো ইয়াৰ সংযোগী বিভাগ হৈ থাকিব। কৃষি বিভাগ, পশুপালন আৰু পশু চিকিত্সা ,মীন,জলসিঞ্চন, গড়কাপ্তানী আৰু অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ই কেইবাটাও খণ্ডৰ আঁচনি।এই আঁচনিৰ বহল ভিত্তিক লক্ষ্য সমূহ হ’ল ,-
(ক)দৰিদ্পতা লঘুকৰণ,(খ)গ্ৰাম্যঞ্চলৰ দুখীয়া মানুহৰ পুষ্টি বৰ্দ্ধন,(গ)কৃষি খণ্ডৰ বৃদ্ধি,(ঘ)প্ৰকল্প আঁচনি আৰু তাৰ কাৰ্য্যকৰণৰ বাবে ৰাজ্যিক চৰকাৰৰ সক্ষমতা বৃদ্ধি(ঙ) জনসাধাৰণক অংশীদাৰ কৰা(চ)উদাৰতাৰ প্ৰতি সমৰ্পিত হোৱা। এইখন আঁচনিৰ ৰাজ্যখনত থকা প্ৰধান অৱদান হ’ল, শ্বেলো নলী নাদ(STWs)স্থাপনেৰে অতি ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা।প্ৰায় ৫০,০০০ টা STWs স্থাপন কৰা হৈছে। STWs বিলাকে গ্ৰীষ্ম কালত ধানে খেতি কৰিবলৈ কৃষকক উত্সাহিত কৰিছে।
১৯৯৯-২০০০ চনত নেচনেল বেঙ্ক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট(নাৱাৰ্ড)ৰ পৰা ঋণ লৈ কৃষি বিভাগে খাদ্য আঁচনিৰ এটা ডাঙৰ কাম হাতত লৈছে।এই আঁচনিৰ অধীনত আন ৯৯,০০০ টা STWs স্থাপন কৰা হৈছে।ARIASP আৰু নাৱাৰ্ডৰ আঁচনিৰ অধীনত স্থাপন কৰা STWs বিলাকে প্ৰায় তিনি লাখ হেক্টৰ মটিত নিশ্চিত জলসিঞ্চনৰ সৃষ্টি কৰিছে।এনেদৰে সৃষ্ট সম্ভাৱনীয়তা পূৰ্ণ জলসিঞ্চনে ধান উত্পাদন ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তুলিব।যিয়ে হওঁক,MSP প্ৰশাসনৰল অবিহনে ধানৰ নিম্ন মূল্যই কৃষক সকলৰ উত্সাহ সিমিত কৰিছে।গতিকে কৃষি বিভাগে কৃষিক আনফালে ঢাল খুওৱাৰ কৌশল গ্ৰহন কৰিছে।
২০০১-০২ চনত উদ্ভাৱন কৰা উত্তৰ পূৰ্ব্বাঞ্চল আৰু অসমত উদ্যান শস্যৰ সংযুক্ত উন্নয়ন আঁচনি(Integrated Development Of Horticulture in NE Region & in Assam)খন ৰাজ্যৰ প্ৰকল্পিত উদ্যান শস্যৰ আঁচনিৰ এখন জলচ্ছেদ আছিল।কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ অধীনস্থ এইখন এখন কেন্দ্ৰ পোষিত আঁচনি আছিল।
ইয়াত চাৰিখন ক্ষুদ্ৰ মিছন( MM)আছিল ; যেনে এম.এম.-১, আৰু এম.এম.-২,এম.এম.-৩ আৰু এম.এম.-৪ ;আৰু এইবিলাকে ক্ৰমে (ক) গৱেষণা (খ) উত্পাদন, (গ)শস্য চপোৱাৰ পিছৰ পৰিচালনা আৰু বিপননা আৰু (ঘ) সংশোধন প্ৰণালী বিলাক চোৱা-চিতা কৰিছিল।
২০০১ চনত হোৱা এটা উল্লেখযোগ্য ঘটনা হ’ল,কেন্দ্ৰীয় ক্ষুদ্ৰ খেতিয়কৰ কৃষি ব্যৱসায় সংঘ(SFAC) ৰ একেশাৰীতে থকাকৈ অসম ক্ষুদ্ৰ খেতিয়কৰ কৃষি ব্যৱসায় সংঘ (ASFAC) নামৰ সন্থাটো ২৪.১২.২০০১ তাৰিখে পঞ্জীয়ন কৰা।কেন্দ্ৰীয় চৰকাৰে পোষকতা কৰা টেকনোলজি মিছন ফৰ ইন্টিগ্ৰেটেড ডেভেলপমেন্ট অৱ ইৰ্টিকালচাৰ ইন দ্য এন.ই.ৰিজন ’আঁচনিৰ সকলো বিলাক পুঁজি ক্ষুদ্ৰ খেতিয়কৰ কৃষি ব্যৱসায় সংঘৰ জৰিয়তে ৰাজ্যলৈ আহে আৰু পিচত অসম ক্ষুদ্ৰ খেতিয়কৰ কৃষি ব্যৱসায় সংঘৰ জৰিয়তে অসমৰ বিভিন্ন জিলালৈ যায়।
আঁচনি বিলাকত জনসাধৰণক অংশীদাৰ কৰি লবলৈ অসমত এটা উদ্ভাৱন কৰা হৈছিল।সেই সময়ৰ কৃষি বিভাগৰ সঞ্চালক ডঃ এছ.আৰ.বৰুৱাৰ উদ্যোগত বিভাগটোৱে ষাঠি দশকৰ আগছোৱাত কৃষক সকলক সংগঠিত কৰি পথাৰ পৰিচালনা সমিটি(PPS) গঠন কৰিবলৈ প্ৰথম পদক্ষেপ লৈছিল, যিটোৰ ইংৰাজী সমাৰ্থ হব ক্ষেত্ৰ ব্যৱস্থাপনা সমিতি( FMC)। তেখেতৰ অৱসৰৰ পিছত এই ধাৰণাটো নব্বৈ দশক পৰ্য্যন্ত অন্ধকাৰত থাকি গ’ল, তাৰপিছতহে বিভাগটোৱে আকৌ ক্ষেত্ৰ ব্যৱস্থাপনা সমিতি সংগঠিত কৰিবলৈ লাগি গ’ল।
এফ.এম.ডি.চি. হ’ল ৭০-৮ জন মান কৃষক যাৰ খেতিমাটি খিনি ওচৰা ওচৰিকৈ আছে আৰু ৫০০ বিঘামান (৬০-৭০ হেক্টাৰ) হব। এইখনি জিলা কৃষি বিষয়াই পঞ্জীয়ন কৰে।
বৰ্ত্তমান অসমত ২৪০০০ টা মান ক্ষেত্ৰ ব্যৱস্থাপনা সমিতি আছে। ক্ষেত্ৰ ব্যৱস্থাপনা সমিতিসমূহে তিনি বছৰত ১,৫০,০০০ STWs স্থাপন কৰি তেওঁলোকৰ কাৰ্য্যকাৰিতা বহল ভাৱে প্ৰদৰ্শন কৰে। বৰ্ত্তমান FMC সমূহ সম্প্ৰসাৰন মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে।
যদিও অসমত ভালেকেইটা ক্ষেত্ৰ ব্যৱস্থাপনা সমিতি আছে,ইয়াৰে ভালেকেইটাই এয়া ত্যাগ কৰিবলৈ ইচ্ছা কৰি আছে। দুৰ্বল ক্ষেত্ৰ ব্যৱস্থাপনা সমিতিসমূহক সবল কৰি তুলিবলৈ ARIASP ৰ অৰ্থ সাহায্যত হায়দৰাবাদৰ নেচনেল ইনষ্টিটিউট অৱ এগ্ৰিকালচাৰেল এক্সটেনচন মেনেজমেন্ট (MANAGE) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰামৰ্শত ২০০১-০২ চনত সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণ দিয়া হয়। সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণটো নিয়মিত ভাৱে চলি থাকিব।বৰ্ত্তমানে ক্ষেত্ৰ ব্যৱস্থাপনা সমিতিৰ অম্তৰ্গত হব পৰাকৈ কেইবাটাও আত্মসহায়ক গোট( SHG).সৃষ্টিৰ প্ৰস্তাৱ লোৱা হৈছে।