মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা

  • ১৬শ লোকসভাৰ যুটীয়া অধিবেশনত ভাষণ প্ৰদান কৰোতে ৰাষ্ট্ৰপতি মহোদয়ে কৈছিল যে প্ৰতি টোপাল পানীয়েই মূল্যবান। পানীৰ ক্ষেত্ৰত উচ্চ স্তৰৰ অগ্ৰাধিকাৰ ভিত্তিত সুৰক্ষা দিবলৈ চৰকাৰ দায়বদ্ধ। এইটোৱেই বহুদিনৰ পৰা নিষ্পত্তি নোহোৱা জলসিঞ্চন আঁচনিখন অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰিব আৰু হৰ খেত কো পানী আপ্তবাক্যৰে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাখন আৰম্ভ হব। সম্ভৱপৰ ক্ষেত্ৰত নদী সংযোগকে ধৰি বানপানী আৰু খৰাং বতৰৰ পুনৰাবৃত্তি নহবলৈ আমাৰ জলসম্পদখিনি আশা কৰা মতে ব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তাখিনি গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিবলগা বিষয়। জল সঞ্চয় আৰু জলসিঞ্চনৰ যোগে বৰষুণৰ পানী সংগ্ৰহ কৰি আমি পানী সংৰক্ষণ কৰিব পাৰো। পাৰ ড্ৰপ ম’ৰ ক্ৰপ আঁচনিখনত অতি ক্ষুদ্ৰ জলসিঞ্চন বৰ জনপ্ৰিয় হব। গোটেই দেশত ১৪১ নিযুত হেক্টৰ কৃষিভূমিত বৰ্তমানে ৬৫ নিযুত হেক্টৰ (বা ৪৫ শতাংশ) ভূমিতহে জলসিঞ্চন কৰা হৈছে। জলসিঞ্চনৰ ব্যৱস্থা নথকা অঞ্চলত বৰষুণৰ বাবে বৰকৈ কৰা নিৰ্ভৰশীলতা খেতিৰ বাবে সাংঘাতিক বিপজ্জ্বনক, কম উত্পাদনশালী প্ৰক্ৰিয়া। দেখা শুনাৰ পৰা এটা কথা গম পোৱা গৈছে যে নিশ্চিত বা সংৰক্ষিত জলসিঞ্চনৰ বাবে কৃষকসকলে কৃষিৰ কৌশলত পুঁজি খটোৱা আৰু যোগানৰ বাবে উত্সাহিত হয়, যিটো কথাই উত্পাদন বৃদ্ধি আৰু কৃষিৰ আয় বৃদ্ধি কৰে। প্ৰতি টোপাল পানী অধিক শস্য আপ্তবাক্যষাৰি প্ৰতিপন্ন কৰিবলৈ উচ্চাকাংক্ষী হৈ যাওতে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাখনে দেশৰ সকলো কৃষি ক্ষেত্ৰলৈ সংৰক্ষিত জলসিঞ্চন যেনেকৈ হলেও নিশ্চিত কৰিব, যিটো কথাই বহু প্ৰত্যাশিত গ্ৰাম্য উন্নয়ন আনিব।

    উদ্দেশ্য –

    প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা আঁচনিৰ বহল ভিত্তিত লক্ষ্যসমূহ এনেকুৱা-

    • ক্ষেত্ৰীয় স্তৰত জলসিঞ্চনৰ বাবে পুঁজি কেন্দ্ৰীভূত কৰাটো নিশ্চিত হোৱা (জিলা ভিত্তিক প্ৰস্তুতি আৰু প্ৰয়োজন হলে উপ-জিলা ভিত্তিত পানীৰ ব্যৱহাৰৰ আঁচনি)
    • শস্য ক্ষেত্ৰৰ ভিতৰলৈ আচলকৈ পানী যোগোৱা আৰু নিশ্চিত জলসিঞ্চন আঁচনিৰ মতে কৃষিক্ষেত্ৰৰ বৃদ্ধি কৰা। (হৰ খেত কো পানী)
    • সঠিক কৌশল আৰু অভ্যাসৰ যোগেদি পানীৰ উত্তম ব্যৱহাৰৰ বাবে পানীৰ উত্সসমূহ সংযোগ কৰা, বিতৰণ কৰা আৰু উচিত ব্যৱহাৰ কৰা।
    • পানীৰ অপচয় ৰোধ কৰি সময় আৰু ভূ-খণ্ডৰ বিস্তৃতি বৃদ্ধি কৰিবলৈ খেতিৰ ঠাইতে পানী যোগানৰ উপযোগিতা উন্নত কৰা।
    • সঠিক জলসিঞ্চন পদ্ধতি আৰু আন আন জল সংৰক্ষণৰ পদ্ধতি গ্ৰহম কাৰ্য বৃদ্ধি কৰা।
    • ভূ-জল সংৰক্ষণ বৃদ্ধি আৰু বহনক্ষম জল সংৰক্ষণৰ অভ্যাস বৃদ্ধি কৰা।
    • জলচ্ছেদ ব্যৱহাৰ কৰি মাটি আৰু জল সংৰক্ষণৰ যোগেদি বৃষ্টিঘন অঞ্চলৰ সংযুক্ত উন্নয়ন, ভূমি জল পুনৰুত্থান, জল বহিৰ্গমন বন্ধ কৰা, ইচ্ছা কৰা মতে জীৱিকা গ্ৰহণ আৰু এন. আৰ.এম.ৰ আন কামসমূহ।
    • জল সংগ্ৰহ, জল পৰিচালনা আৰু শস্য উত্পাদনৰ শাৰী পোনাবলৈ কৃষক আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কাৰ্য বৃদ্ধিৰ উন্নয়ন।
    • পৌৰ নিগমৰ অপব্যয় হোৱা পানীখিনি নগৰৰ উপকণ্ঠৰ খেতিত পুনৰ্ব্যৱহাৰৰ সহজসাধ্যতা উদ্ভাৱন কৰা।
    • জলসিঞ্চনৰ বাবে বহুসংখ্যক ব্যক্তিগত পুঁজি যোগানকাৰীক আকৰ্ষণ কৰা।

    এইবিলাকে ইয়াৰ ফলত কৃষিৰ উত্পাদন বৃদ্ধি কৰিব আৰু কৃষিৰ আয় বঢ়াব।

    Downloads
    প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা
    TitleSizeDetail
    PMKSY Guidelines_English.pdf244.46 KBswf-image
    PMKSY - Minutes of IDWG meeting.pdf589.18 KBswf-image
    PMKSY - Minutes of SLSC meeting.pdf1.05 MBswf-image
    Progress Report - PMKSY.pdf466.93 KBswf-image
    PMKSY Sanction - Central share.pdf467.42 KBswf-image
    PMKSY Sanction - State share.pdf518.16 KBswf-image
    PMKSY Ceiling - Central share.pdf269.91 KBswf-image
    PMKSY Ceiling - State share.pdf238.37 KBswf-image