শস্য বিলাক বহল ভিত্তিত দুভাগত ভাগ কৰিব পাৰি
(১) কৃষিজাত শস্য
(২) উদ্যান শস্য
কৃষিজাত শস্যৰ ভিতৰত ধান,গম,বাৰ্লি,মাকৈ,য-ধান, কণিধান,দাইল,তেলৰ বাবে গুটি, তাল গছৰ গুটি, কুঁহিয়াৰ,কপাহ,মৰাপাট আৰু তেনেধৰনৰ আঁহ জাতীয় সকলোবোৰ পৰে। উদ্যান শস্যৰ ভিতৰত সকলো ফল,শাক-পাচলি,আলু,মাটিৰ তলৰ আলু,(Tuber Crops),কাঠফুলা,ৰং-চঙীয়া গছ, ঔষধি আৰু সুগন্ধি গছ, সকলো মচলা, বতৰৰ মচলা আৰু কল আদি পৰে।ওপৰত উল্লেখ কৰা সকলো শস্য পৰ্য্যাপ্ত পানী পালে আমাৰ ৰাজ্যত বাৰ মাহে হয়।
উত্তৰ ভাৰতত স্পষ্ট ভাৱে দুটা ঋতু হয়,
মাৰ্চ মাহৰ পৰা জুন মাহৰ ভিতৰত হোৱা শস্য বিলাকক জাইদ শস্য বোলা হয়। দেশৰ ভিতৰৰ কোনো কোনো অংশত ঋতু বিলাকৰ বিভাজনৰ নিৰ্দিষ্ট সীমা নাই। কিন্তু তেনে ঠাইৰ মানুহখিনিয়ে ঋতু বিভাজনৰ বাবে নিজেই কিছুমান সীমা নিৰ্ণয় কৰে। গাৱৰ ৰাজহ বিভাগৰ মুৰব্বীজনে প্ৰতি ঋতুত বেলেগ বেলেগ মাটিত হোৱা শস্যৰ হিচাপ ৰাখে।এইবিলাক প্ৰতি বছৰে জিলা ভিত্তিত, ৰাজ্য ভিত্তিত আৰু শেহত সমগ্ৰ ভাৰতবৰ্ষৰ ভিত্তিত খতিয়ান দিয়ে। এই তথ্য সমূহৰ পৰা কোনো অঞ্চলত কিবা এবিধ বা বেছি শস্যৰ পৰ্য্যাপ্ততা হিচাপ কৰি নিৰ্ণয় কৰিব পাৰি। অসমত হোৱা শস্যৰ তথ্য কৃষি বিভাগ আৰু অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ ক্ষেত্ৰ বিষয়া সকলৰ পৰা পাব পাৰি।শস্য বিলাক এবিধ (Mono cropping)বা মিহলিকৈ(Mixed cropping) বা সলনা-সলনিকৈ(Rotational cropping)গজোৱা হয়। মাটিখিনিত এবিধ শস্য(Mono cropping)বা দুবিধ শস্য (Double cropping)থাকিব পাৰে; যিটো বছৰটোত সলনা-সলনিকৈ দুবাৰ গজাব পাৰি।
শেহতীয়াকৈ,বছৰটোত দুটাতকৈ বেছি শস্য গজোৱাৰ প্ৰতি চেষ্টাটো ঢাল খাইছে।এইদৰে শস্য গজোৱা অবিৰত ধাৰাটো অগা-পিচাকৈ হ’ব পাৰে বা সলনা-সলনিকৈও মানে থিয় হৈ থকা শস্যৰ গছৰ আন এবিধ শস্য চটিওৱা (Relay Cropping)হব পাৰে।বহল শাৰীত,লাহে লাহে গজা শস্য লগত আন এবিধ সহযোগী শস্য দি গজাব পাৰি ।
এডাল নিৰোগী, সুস্থ গছে কোষ বিভাজন, সম্প্ৰসাৰণ আৰু বৰ্দ্ধন, মাটিৰ পৰা পানী আৰু পুষ্টিবৰ্দ্ধক সমূহ গছৰ আন আন অংশলৈ পৰিবহন কৰা,সালোক সংশ্লেষণ আৰু সেইবোৰ গা-গছত ব্যৱহাৰ কৰা বা সঞ্চয় কৰা, সালোক সংশ্লেষিত যৌগসমূহৰ ৰাসায়নিক পৰিবৰ্ত্তন কৰা আৰু সেইবোৰ বংশবৃদ্ধি বা খাদ্য হিচাপে জাৰকালিনৈ সঞ্চয় কৰা আদি কাম সমুহ কৰে। কিন্তু যেতিয়া কোনো আকস্মিক কাৰকে আহি গছডলক অস্বাভাৱাবিক ধৰনে স্বাভাৱাবিক বৰ্দ্ধনত বৃদ্ধিত আৰু আন আন কৰ্মত বাধা দিয়ে, তেতিয়া গছ ডাল বেমাৰী হোৱা বুলি কোৱা হয়।গছৰ দৰ্কাৰী এনেকুৱা এটা বা তাত্বিক বা ৰাসায়নিক পৰিবৰ্ত্তনৰ ওপৰত ব্যাঘাত হলে গছডালৰ ৰোগগ্ৰস্থতা হোৱা বুলি কোৱা হয়। পৃথিৱীত ৮০,০০০ তকৈও অধিক গছৰ বেমাৰ থকা বুলি জনা যায়।দৰাচলতে সকলো গছকে বেমাৰে আক্ৰমণ কৰিব পাৰে।শস্যৰ গছবিলাক প্ৰায়েই ৰোগৰ চিকাৰ হয় আৰু শস্যৰ বেমাৰৰ পৰা কৃষি আৰু অৰ্থনীতিত প্ৰচুৰ হানি হয়। ফ’চিলৰ পৰীক্ষাৰ পৰা পোৱা গৈছে যে ২৫০ নিযুত বছৰ আগতেও গছ-গছনিৰ বেমাৰ হৈছিল। বাইবেল আৰু পৌৰাণিক লিখনিসমূহত বেমাৰৰ কথা যেনে-বৰমোহা, গছৰ ৰোগ, জঁই পৰা ৰোগ, শুকাই যোৱা ৰোগ আদিৰ কথা উল্লেখ আছে, যিহৰ বাবে দুৰ্ভিক্ষ হৈছিল আৰু আন আন কাৰক সমুহেও বুৰঞ্জীৰ আৰম্ভণিৰ পৰাই জাতিৰ অৰ্থনীতি ভয়ানক ভাৱে সলনি কৰি আহিছে।
প্ৰাথমিক আকস্মিক কাৰক সমুহৰ পৰা গছৰ ৰোগ বহল ভিত্তত দুভাগত বিভক্ত কৰিব পাৰি,যেনে,সংক্ৰামক ৰোগৰ বাবে ফানজাই (ভেঁকুৰ), এলাগি (শেলুৱৈ), প্ৰ’কেৰিয়টচ, বেক্টেৰিয়া, মাইকোপ্লাজমৰ দৰে আৰু ৰিকেটচিয়াৰ দৰে জীৱাণু, ভাইৰাছ, ভাইৰয়ডচ্ লগত ফেনেৰোগেমিক এঞ্জিস্পাৰ্ম পৰজীৱি নেমাটোড, আৰু আদ্যপ্ৰাণী বা প্ৰ’ট’জোৱা দায়ী। অ-সংক্ৰমিত ৰোগ অসুবিধাজনক, আৰু বাহিৰা কাৰকৰ বাবে যেনে, প্ৰচণ্ড সূৰ্য্যৰ তাপ, উচ্চ তাপ,জলীয় ভাপৰ নিম্ন পৰিমাণ, ক্ষুদ্ৰ পুষ্টিকাৰকৰ অভাৱ, গধুৰ ধাতৱিক বিষ, বায়ু মাণ্ডলিক কলুষতা, আল্মিক বৃষ্টিৰ বাবে হয়। অ-সংক্ৰমিত আকষ্কমিক কাৰকবোৰ যিহেতুকে কোনো আশ্ৰয়ত সোমায় বংশ বৃদ্ধি কৰিব নোৱাৰে, গতিকে তেনে ৰোগ সোঁচৰা বিধৰ নহয়।
গছৰ পুষ্টিহিনতাৰ বাবে ৰোগৰ সংক্ৰমন হব পাৰে বা সংক্ৰমিত হোৱা এডাল গছ আন বিজানুৰ দ্বাৰাও সংক্ৰমিত হোৱাৰ ফালে অগ্ৰসৰ হব পাৰে।জতিলতা থকা বহূ বিলাক ৰোগ ৰোগবিজ্ঞানত পোৱা য়ায বাবে গছৰ স্বাস্থ্য ৰক্ষাৰ বাবে সঠিক ভাৱে ৰোগ নিৰ্ণয় কৰাটো দৰ্কাৰ।