মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

জলসি়ঞ্চন

ভূমিকাঃ-

অসমত কৃষিৰ বৰ্ধনৰ বাবে প্ৰচূৰ সম্ভাৱনা আছে আৰূ এই বৰ্দ্ধন যোগাত্মক দীশত থকা কথাটোৰ বহূবিলাক প্ৰমাণ আছে। কৃষিৰ কাৰিকৰীকৰণ, নিস্চিত জলসি়ঞ্চনক ৰাজ্যখনৰ বহনক্ষম কৃষি কৰ্ম আৰূ উত্পাদন বৃদ্ধিৰ ওপৰত চকূদিয়া বিষয়বোৰৰ ভিতৰত অন্যতম। কৃষিৰ অগ্ৰগতিৰ বাবে যে জলসি়ঞ্চন এক মূল বিষয় সেই কথা কোৱাৰ কোনো আৱশ্যকেই নাই। ৰাজ্যখনত সৃষ্টি কৰা জলসি়ঞ্চনৰ সম্ভাৱনা লগাতকৈ বহূ কম, বিশেষকৈ গ্ৰীষ্ম ঋতূত ধান আৰূ ৰবি শস্যৰ ক্ষেত্ৰত আৰূ এই অৱস্থাৰ উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে।

বৰ্তমানৰ দৃশ্যপট :-

ৰাজ্যখনত শস্যৰ গাঢ়তা বৃদ্ধি, জলসি়ঞ্চনৰ যোগেদি শস্যৰ উত্পাদন আৰূ দাইলজাতীয় আৰূ তেল গূটি শস্যৰ বিস্তৃত বৃদ্ধিৰ দ্বাৰা কৃষিৰ ক্ষেত্ৰত উন্নতি কৰাৰ সম্ভাৱনা খুবেই বেছি। বানপানী আৰু প্ৰচুৰ বৰষুণ হোৱাৰ বাবে খাৰিফ শস্যৰ উত্পাদনৰ সম্ভাৱনা খুব কম বাবে ৰাজ্য চৰকাৰে পাম্প চেটৰ(শ্বেলো আৰু লো-লিফট পাম্প)সহায়ত জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি ৰবি শস্য উত্পাদনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। শস্য উত্পাদনৰ বাবে শ্বেলো পাম্প আৰু লো-লিফট্ পাম্পৰে জলসি়ঞ্চন কৰাটো কাৰ্যকৰী কৰা পদ্ধতি হিচাপে ধৰা হৈছে।২০১৫ চনৰ ৩১ মাৰ্চত ৰাজ্যত ১১.২৭ লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ সম্ভাৱনীয়তা আছিল(মুঠ শস্যক্ষেত্ৰৰ ৪০% ভাগ তাৰে ভিতৰত মাত্ৰ ৭.৩৩ লাখ হেক্টৰ (মুঠ শস্যক্ষেত্ৰৰ ২৬% ভাগ) মাটিত জলসিঞ্চন কৰা হৈছিল। প্ৰধান মন্ত্ৰীৰ কৃষি সিঞ্চয়ী যোজনা(PMKSY)ৰ আচঁনিৰ ভিত্তিত ৰাজ্যিক চৰকাৰে জলসিঞ্চনৰ আচঁনি প্ৰস্তুত কৰা মতে অসমত শস্যৰ বাবে পানী যোগানৰ দৃশ্যটো এনেকুৱাঃ-

১সৰ্বমুঠ শস্যক্ষেত্ৰ৪০৭৫৮৭১ হেঃ
২মুঠ শস্যক্ষেত্ৰ২৮১৭৫০০ হেঃ
৩জলসিঞ্চন কৰা কালি৭৪৮৫৩০ হেঃ
৪২০১৫ চনৰ ৩১ মাৰ্চৰ মতে অসমত জলসিঞ্চনৰ সম্ভাৱনীয়তা সৃষ্টি১১.২৭ লাখ হেঃ(মুঠ শস্যক্ষেত্ৰৰ ৪০% ভাগ)
৫ব্যৱহাৰযোগ্য জলসিঞ্চনৰ অধীনত থকা মুঠ শস্যক্ষেত্ৰ৭.৩৩ লাখ হেঃ(মুঠ শস্যক্ষেত্ৰৰ ২৬% ভাগ)
৬শস্যক্ষেত্ৰত পানী লাগে২৯০৬৫ এম.চি.এম
৭পানীৰ সম্ভাৱনীয়তা দৰকাৰ২৯০৬৫ এম.চি.এম
৮বৰ্ত্তমান পানীৰ সম্ভাৱনীয়তা৯০০৮ এম.চি.এম
৯সৃষ্টি কৰিব লগা পানীৰ সম্ভাৱনীয়তা২০৩৭১  এম.চি.এম

বৰ্ত্তমানৰ পদক্ষেপঃ-

ৰবি শস্যৰ বাবে প্ৰচুৰ খেতিৰ বাবে সুবিধা কৰিবলৈ যথেষ্ট ভূজল ব্যৱহাৰ কৰি পৰিকল্পিত ঠাই খণ্ডত জলসিঞ্চন কৰিবলৈ ৰাজ্যিক কৃষি বিভাগে পাম্পচেট বহুওৱা কথাটোত বেছি জোৰ দিছে।য়োৱা ৮ বছৰত ৰাজ্যিক চৰকাৰে শ্বেলো নলী নাদ আৰু এল.এল.পি. বহুওৱাৰ তথ্য তলৰ ১(ক) তালিকাত দিয়া হ’লঃ-

তালিকা ১(ক)- শ্বেলো নলী নাদ আৰু এল.এল.পি. স্থাপনৰ সংখ্যা
জলসিঞ্চনৰ উপাদান২০০৭-০৮২০০৮-০৯২০০৯-১০২০১০-১১২০১১-১২২০১২-১৩২০১৩-১৪২০১৪-১৫মুঠ
অগভীৰ টিউব ৱেল৪৪৬৩১৭৫৪৯৪২৩২০১০২০৪২২৯৩১০৩৮৭৩৫৩৯৪৯৬৫৫৫৯০৩২৯৫০৫
নিম্ন লিফ্ট পাম্প৬১৯৫৩৪৬২৫৩০২১৪৮৬৭৫০০৯৩৬৮০৫০৬৬৪৪৭৬০

নিশ্চিত ভাৱে কৰা জলসিঞ্চন পদ্ধতিৰে শস্যৰ গাতা ১৪৬% বাব পৰা হৈছে।

নিশ্চিত জলসিঞ্চনৰ দ্বাৰা অতিৰিক্ত ২.০ লাখ হেক্টৰ কৃষি ভূমি বঢ়াবলৈ আৰু ২০০০ চনৰ আগতে নাৱাৰ্ডৰ গ্ৰাম্য আন্তঃগাঠনি উন্নয়ন পুঁজিৰ অধীনত স্থাপন কৰা শ্বেলো নলী নাদৰ বেয়া বেয়া অৱস্থাৰ বাবে আগুৰিব নোৱাৰা ভূমিৰ পৰা হোৱা লোকচান খিনি পুৰাবলৈ কৃষি বিভাগে ৩ বছৰত ২,০২,০০০ হেঃ ভূমি নিশ্চিত জলসিঞ্চনৰ অধীনলৈ আনিবলৈ ১,০১,০০০ টা শ্বেলো নলী নাদ (STW) বহুৱাবলৈ স্থিৰ কৰিছে (ইয়াৰে ৬০,০০০ টা ডিজেল চালিত,৩০,০০০ টা বিদ্যুত্ চালিত আৰু ১১,০০০ টা সৌৰ শক্তি চালিত)।  আকৌ,২০১৬-১৭ চনৰ পৰা প্ৰধান মন্ত্ৰীৰ কৃষি সিঞ্চয়ী যোজনা আচঁনিৰ কাৰ্য্যকৰী কৰিবলৈ নিম্ন লিখিত চাৰিবিধ সঁজুলিৰে আশা কৰা হৈছে।

(১) জলসিঞ্চন আচঁনিৰ লাভ ত্বৰান্বিত কৰা

(২) হৰ খেতকো পানী

(৩) পাৰ দ্ৰপ, মোৰ ক্ৰপ

(৪) জলচ্ছেদ উন্নয়ন

প্ৰধান মন্ত্ৰীৰ কৃষি সিঞ্চয়ী যোজনা আচঁনিৰ মূল নীতি হ’ল, কৃষিক্ষেত্ৰত জলসিঞ্চনৰ বাবে পুঁজি গোটোৱা কাৰ্য্য সম্পন্ন, নিশ্চিত জলসিঞ্চনৰ বাবে কৃষি ক্ষেত্ৰ বঢ়োৱা, পানীৰ অপচয় ৰোধ কৰিবলৈ কৃষিক্ষেত্ৰতে পানীৰ ব্যৱহাৰৰ উপযোগিতাৰ উন্নয়ন, প্ৰিচিচন ইৰিগেচন আৰু আন আন জলসংৰক্ষণ কৌশল গ্ৰহণ কৰ, ভূজলৰ পুনৰুত্থান বৃদ্ধি কৰি বহনক্ষম পানীৰ সংৰক্ষণৰ অভ্যাস কৰা আৰু সঠিক জলসিঞ্চন পদ্ধতিলৈ বেচৰকাৰী পুঁজিক আকৰ্ষণ কৰা ।

ওপৰত উল্লেখ কৰা চাৰিটা সঁজুলিৰ, ‘পাৰ দ্ৰপ-মোৰ ক্ৰপ’,আৰু হৰ ‘খেত কো পানী’ আচঁনি দুখন কৃষি বিভাগে কাৰ্য্যকৰী কৰিব।আৰু বাকী খিনি জলসিঞ্চন বিভাগ,ভূমি সংৰক্ষণ বিভাগ আদিৰ দৰে পুঁজিৰ যোগানকাৰী বিলাকে বহন কৰিব।