মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

প্ৰশিক্ষণ

কৃষি আৰু পামৰ সকলোবোৰ কাৰ্য্যপদ্ধতি কিছুমান ব্যৱহাৰিক নীতিৰ ওপৰত নিৰ্ভৰশীল, যিবিলাকৰ জ্ঞান ক্ষেত্ৰ কৰ্মী সকলৰ বাবে দৰ্কাৰী।এতিয়া,নীতি মানে কি আমাৰ সিদ্ধান্ত আৰু কৰ্মৰাজিৰ এটা গোটত ৰাখি আমাক পথ দেখুৱাবলৈ লোৱা কৌশলৰ বিৱৰণীয়েই হ’ল নীতি।এইখিনি কাম কৰিবলৈ আমাৰ ক্ষেত্ৰকৰ্মী আৰু কৃষক সকলক নিয়মিত ভাৱে প্ৰক্ষিক্ষণ দিব লাগিব। এইটো হৈছে শিক্ষা বিস্তাৰৰ এক অংশ। বিভাগীয়, শিক্ষা বিস্তাৰণৰ মূল উদ্দেশ্য হৈছে আমাৰ প্ৰচেষ্টা বিলাক কোনফাললৈ পোনাইছে, সেই মূৰটো প্ৰকাশ কৰাহে। এটা লক্ষ্য মানে হৈছে গতি কৰিবলগীয়া এটা দিশ। যি কোনো এখন আঁচনি আৰম্ভ কৰাৰ আগতে আঁচনিখনৰ লক্ষ্যটো পৰিস্কাৰ ভাৱে কৈ দিব লাগে,যাতে কোনোৱো আঁচনিৰ অন্তিম লক্ষ্য কি আৰু তাতে কি পোৱা যাব,সেই কথাটো জানিব পাৰে।আমাৰ বিভাগৰ এই গঢ়-গতিটো বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ আঁচনিৰ মাজেদি পোৱা গৈছে। নিম্ন লিখিত লক্ষ্য সমুহ পাবলৈ বুলিয়েই প্ৰশিক্ষণৰ প্ৰয়োজনঃ-

(১) উন্নত বীজ,সাৰ,সঁজুলি,কীটনাশককেই ধৰি কৃষিৰ বিষয়ে ব্যৱহাৰিক তথ্য আৰু তাৰ উপকাৰিতাৰ বিষয়ে ইচ্ছুক পুঁজি যোগানকাৰীৰ আগত বহলাই ব্যক্ত কৰিব লাগে।

(২) পাম আৰু ঘৰত দৰ্কাৰী জ্ঞান দিব লাগে

(৩) গাৱলীয়া মানুহৰ স্বভাৱ আৰু মানসিতাৰ সলনি কৰিবলৈ প্ৰশিক্ষণ হৈছে এক অমোঘ অস্ত্ৰ।

(৪) বিভিন্ন মাধ্যমযোগে লক্ষ্যত থকা দলবোৰে পোৱা বৈজ্ঞানিক তথ্যসমুহৰ প্ৰত্যুত্তৰত জাতীয় অৰ্থনীতি আৰু সামাজিক নীতিৰ পৰিসীমাৰ ভিতৰত গাঁৱলীয়া মানুহখিনিৰ জীৱণ ধাৰণৰ মানদণ্ডৰ উন্নতিৰ বাবে গোটেই মানিহখিনিকে সংপৃক্ত কৰিব লাগে।