মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

কৃষি কাৰিকৰীকৰণ তথা শস্য চপোৱাৰ পিচৰ প্ৰবন্ধন

    কৃষি কাৰিকৰীকৰণ

    উন্নয়নশীল দেশসমূহৰ কৃষিজাত সামগ্ৰীৰ উত্পাদনৰ মান বৃদ্ধিত কৃষি কাৰিকৰীণ প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰাৰ পৰিপ্ৰেক্ষিতত এনে কাৰিকৰী প্ৰয়োগৰ কৃষিক্ষেত্ৰৰ বাবে অপৰিহাৰিহাৰ্য বুলি গণ্য কৰাৰ প্ৰাসংগিকতা আহি পৰিছে। ‘ কৃষিপাম কাৰিকৰীকৰণ ’ য়ে সামগ্ৰিক ভাবে কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা বিভিন্ন সা-সৰঞ্জাম, যন্ত্ৰ-পাতি, শক্তি তথা অন্যান্য কলা-কুশলৰ বৈজ্ঞানিক ৰূপায়নৰে ব্যাখ্যা দাঙি ধৰে। কৃষি ক্ষেত্ৰত প্ৰয়োগ হোৱা কাৰিকৰীয়ে কৃষিৰ উত্পাদন, উত্পাদনশীলতা তথা কৃষি পামৰ লাভালাভক প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰাৰ লগতে কৃষিকৰ্মৰে জাতিসকলৰ জীৱন মান উন্নত কৰাটো সহযোগিতা আগবঢ়ায়। কৃষি পাম কাৰিকৰীকৰণ আৰু কৃষিজাত সামগ্ৰীৰ উত্পাদনশীলতা বৃদ্ধিৰ মাজত যে ইতিবাচক সম্পৰ্ক নিহিত হৈ থাকে এই কথা বিভিন্ন তথ্যই ইতিমধ্যে প্ৰতীয়মান কৰিছে। কৃষি পাম শক্তিৰ পৰ্যাপ্ততা থকা ৰাজ্যই অন্যান্যসকলৰ তুলনাত অধিক উত্পাদনশীলতাৰ নিৰ্দশন দাঙি ধৰাৰ কথাটো এই প্ৰসংগত উল্লেখযোগ্য কথা।

    কৃষিপাম শক্তিৰ পৰ্যাপ্ততাঃ

    ভাৰতীয় কৃষিক্ষেত্ৰত নিয়োজিত কৃষি-কৰ্মী, উটৰ দৰে প্ৰাণী, পাৱাৰ টিলাৰ, ডিজেল চালিত ইঞ্জিন আৰু ইলেক্ট্ৰিক মটৰ আদিৰ কৃষি পাম শক্তিৰ প্ৰধান উত্স হিতাপে গণ্য কৰা হয়। বিগত ৪১ টা বছৰত ভাৰত কৃষি পাম শক্তিৰ পৰ্যাপ্ততাৰ পৰিসৰ দ্ৰুত হাৰত বৃদ্ধি হৈ পূৰ্বৰ প্ৰতি কিলোৱাট / হেক্টৰত ০.২৯৩ ৰ তুলনাত ১.৮৪১ কিলোৱাট / হেক্টৰলৈ বৃদ্ধি পাইছে।

    এই সময়ছোৱাত অসমতো কৃষি পাম কাৰিকৰীকৰণত গুৰুত্ব আৰোপ কৰি পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত অৱস্থাৰ কিছু উন্নয়ন সাধন হোৱাটো পৰিলেক্ষিত হৈছে। বিভিন্ন বাধাৰ সন্মুখীন হৈয়ো আজিৰ পৰিস্থিতিত ৰাজ্যখনৰ কৃষি পাম শক্তি পৰ্যপ্ততাৰ হাৰ ০.৯৭ কিলোৱাট / হেক্টৰলৈ বৃদ্ধি পাইছে।

    কৃষি পাম কাৰিকৰীকৰণত বাধাঃ

    কৃষিখণ্ডৰ সৰলতাৰ বিপৰীতে ৰাজ্যৰ কৃষিপাম কাৰিকৰীকৰণ খণ্ডটোৰ সাংগাঠনিক ভেটি অধিক জটিল পৰ্যায়ৰ। ই কৃষি পাম কাৰিকৰীকৰণ তথা সা-সৰঞ্জাম, প্ৰযুক্তি, বজাৰ, অভিযান, বিধায়িনী, নীতি যুগতকৰণকে ধৰি অন্যান্য বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিব লগা হৈছে। কৃষি কাৰিকৰীকৰণৰ উত্তৰণ প্ৰসংগত মাটিৰ আকাৰ, শস্যৰ প্ৰকাৰ, শস্যৰ বজাৰ দৰ আৰু শ্ৰমিক ব্যয় আদিয়ে সিদ্ধান্তকাৰী ভূমিকা পালন কৰে।

    শেহতীয়া পদক্ষেপঃ

    ভাৰত চৰকাৰে দেশৰ প্ৰতি ৰাজ্যকে সামৰি কৃষি পাম কাৰিকৰীকৰণ আৰু কৃষি শক্তি পৰ্যাপ্ততাৰ পৰিসৰ ২ কিলোৱাট / হেক্টৰ পৰ্যন্ত বৃদ্ধি কৰিব পৰাকৈ ‘ ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ আৰু প্ৰযুক্তি মিছন ’ ৰ অধীনত ‘ কৃষি কৌশলৰ ওপৰত উপ অভিযান ‘ (এছ এম এ এম) শীৰ্ষক কেন্দ্ৰীয় আচঁনিখন ৰূপায়নৰ দিহা কৰিছে।

    তদুপৰি ৰাজ্যখনৰ কৃষি কাৰিকৰণৰ হাৰ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ২৫০০০ খন গাৱক সামৰি প্ৰতিখন গাৱঁলৈ একোখন টেক্টৰ প্ৰদানকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ‘ মুখ্য-মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা ’ শীৰ্ষক আঁচনিখন ৰূপায়নৰো দিহা কৰা হৈছে।

    শস্য চপোৱাৰ পিচৰ পৰিস্থিতিৰ প্ৰবন্ধনঃ

    শস্য চপোৱাৰ পিচৰ অভিযান্ত্ৰিক প্ৰবন্ধনে কৃষিজাত সামগ্ৰীৰ খাদ্যগুণ নিশ্চিতকৰণ তথা শস্য আৰু উত্পাদিত দ্ৰব্যৰ ব্যৱহাৰিক অৰ্থনৈতিক মান বৰ্দ্দনত বিশেষ ভূমিকা পালন কৰে। এই অভিযানৰ জৰিয়তে সামগ্ৰীসমূহৰ মান উত্তৰণ প্ৰয়াস কৰাৰ লগতে নিম্নোলিখিত সুবিধা সমূহ সম্ভৱ কৰি তোলা গুৰুত্ব আৰোপ কৰা হয়।

    • উত্পাদনকাৰী / বেপাৰীলৈ অধিক লাভৰ দিহা
    • উদ্যমশীলতা তথা নিয়োগ সম্ভাৱনীয়তা বৃদ্ধিৰ পথ প্ৰশস্ত কৰা
    • খাদ্য সুৰক্ষা নিশ্চিত কৰা
    • খাদ্য আৰু খাদ্য দ্ৰব্যৰ দৰে ভৌগোলিক সূচকৰ জৰিয়তে আৰ্থ-সামাজিক উন্নয়ন সাধন কৰা

    (১) প্ৰাথমিক তথা মাধ্যমিক সংসাধন তথা (২) কেনিং, ৰিফ্ৰিজাৰেশ্যন, নিয়ন্ত্ৰিত বায়ুমাণ্ডলিক সংৰক্ষণ, জল-নিস্কাৰণ অথবা সুৰককৰণ ৰাসায়নিক সংসাধন সুক্ষ্ম আনবিক পদাৰ্থৰ প্ৰয়োগ আদিৰে এই কাৰ্য সম্পন্ন কৰা হয়।

    সংসাধন / প্ৰমূল্য সংযোজনত শস্য চপোৱাৰ পিচৰ পৰিস্থিতি প্ৰবন্ধনৰ নিয়োজিত প্ৰযুক্তিৰ সম্ভানীয়তা

    • খাদ্য দ্ৰব্য খণ্ডঃ ধান, তৈল বীজ, দাইল, মাহ আদি অসমৰ প্ৰধান শস্য
    • উদ্যান শস্য খণ্ডঃ কল, আনাৰস, নেমু আদি প্ৰধান ফল মূল। সেইদৰে লেটেকু, পনিয়ল, নগা টেঙা, থেৰেজু, কৰ্দে, মিৰিকা টেঙা, অমৰা, ঔ টেঙা, শিলিখা, ভোমোৰা আদিৰ দৰে ৰাজ্যখনত পৰ্যাপ্ত পৰিমানে উপলব্ধ ফল সমূহৰ ব্যৱহাৰে এতিয়াও পৰ্যপ্ততা পোৱা নাই বুলিয়েই উল্লেখ কৰিব পাৰি।
    • মচলাঃ আদা, জালুক, জলকীয়া, ইলাচী আদি উল্লেখলীয় মচলা শস্য। অৱশ্যে প্ৰয়োজনীয় সংসাধন প্ৰযুক্তিৰ অবৰ্তমানৰ বাবেই প্ৰতি বছৰে এনে শস্যৰ ৩৫-৫০ % অবাবতে নষ্ট হৈ আহিছে।
    • গছ ৰোপন আৰু শস্যৰ ৰোপনঃ চাহ, কুঁহিয়াৰ আৰু ৰবৰ
    • বনস্পতি আৰু সুগন্ধী শস্যঃ অগৰ, সুগন্ধমন্ত্ৰী, পাত্চুল্লী জৱা-চিত্ৰনেল্লা, লেমনগ্ৰাছ, অশ্বগন্ধা, সৰ্পগন্ধা, তুলসী, পিপালি, সতবৰ, স্মাইলক্স আদি কেতবোৰ সম্ভাৱনীয়তা পূৰ্ণ বনস্পতি যিয়ে ঔদ্যোগিক সম্ভাৱনীয়তা কঢ়িয়াই অনাৰ লগতে শস্য সংসাধন প্ৰযুক্তিৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ কৰি তুলিছে।