মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

বিপণন

কৃষি বিপণন আৰু বাণিজ্যঃ

বিপণন বুলিলে উত্পাদনথলীৰ পৰা অন্তিমগৰাকী ব্যৱহাৰ কৰোতালৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত সা-সামগ্ৰীৰ প্ৰচালন তথা অন্তিমগৰাকী ব্যৱহাৰ কৰোতাই বিচৰা ধৰনৰ মান নিশ্চিত কৰাৰ দৰে কৰ্ম-বস্তুবোৰ জড়িত হৈ থাকে। এই বিপণন কাৰ্যই যদি দেশৰ চাৰিসীমা অতিক্ৰম কৰিব লগা হয় তেন্তে বিপণনে বাণিজ্যৰ খিতাপ লাভ কৰে।

সাম্প্ৰতিক প্ৰেক্ষাপটত উন্নয়নৰ গতি ত্বৰান্বিত হোৱাৰ লগতে ব্যাপক হাৰত হোৱা বাণিজ্যিকীকৰণ, বিশেষীকৰণ তথা বৰ্দ্ধিত হাৰত হোৱা শ্ৰম বিভাজনৰ ফলত বিপণন আৰু বাণিজ্যই অধিক গুৰুত্ব লাভ কৰাৰ উপৰি অধিক জটিল কৰ্ম-কাণ্ড হিচাপে চিহ্নিত হ’বলৈ ধৰিছে। আজিৰ পৰিস্থিতিত বিপণন কিম্বা বাণিজ্যৰ অৰ্থ কেৱল উত্পাদক-গ্ৰাহকৰ মাহত উত্পাদিত সামগ্ৰীৰ প্ৰচালন কিম্বা তেওঁবিলাকক সা-সুবিধা আগবঢ়োৱাতে সীমিত নাথাকি নতুন ভূমিকা পালনলৈও সম্প্ৰসাৰিত হৈছে।– উদাহৰণ স্বৰূপে বিপণন এতিয়া সম্প্ৰসাৰিত হৈছে –

  • কৃষি আৰু অনা-কৃষিখণ্ডৰ মাজত সেতুঁবন্ধন
  • মূল্য আৱিস্কাৰ আৰু
  • মূল্যৰ সংপ্ৰেৰন

সেইদৰে কৃষিজাত উত্পাদনৰ বেলিকা ক্ৰয়-তথ্যৰ গুৰুত্ব বাঢ়িবলৈ ধৰাত কৃষি বিপণনৰ পৰিসৰো তথ্য বিপণন পৰ্য্যন্ত সম্প্ৰসাৰিত হ‘বলৈ ধৰিছে। আনহাতে মুক্ত বাণিজ্য নীতিত সুবাদত কৃষি বিপণন আৰু বাণিজ্যই আজি গোলকীয় পৰিসৰ লাভ কৰাৰ লগতে নতুন প্ৰতিযোগিতা আৰু নতুনত্ব প্ৰাপ্তিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে।

কৃষি বিভাগৰ অধীনস্থ শাক-পাতলি বিক্ৰীকেন্দ্ৰ—

১/ উলুবাৰী (দুখন)

২/ বেলতলা (দুখন)

Downloads
TitleSizeDetail
Weekly wholesale price for 14.07. 2017.pdf491.42 KBswf-image
Weekly retail price for 14.07. 2017.pdf374.28 KBswf-image
Agmark laboratory testing process.pdf280.68 KBswf-image