ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স প্লেন এগ্ৰিকালচাৰ বিভাগে কৃষক সমাজক, ব্যক্তিগত আৰু আন আন পুঁজি যোগানকাৰী সকলক তথ্য আৰু সংযোগ মাধ্যমেদি তথ্য আৰু সেৱা আগবঢ়াই বৰ্ত্তমানে বিভাগে আৰু আন এজে়ঞ্চী সমূহে মুকলি কৰি দিয়া পথ সমুহ পৰিপূৰণ আৰু অধিক শক্তিশালী কৰিবলৈ দৃষ্টি নিক্ষেপ কৰিছে ।
আঁচনিৰ লক্ষ্য পুৰণ হবলৈ নিম্ন লিখিত নক্সাক কাৰ্যদক্ষ(SMART) বা বিশেষ (Specific), পৰিমিত (Measurable), প্ৰাপ্য (Achievable), বাস্তৱিক (Realistic), আৰু সময় নিৰ্বন্ধ (Time Bound), উদ্দেশ্য বুলি ধৰে হৈছে, যিটো আঁচনিখনে পাব পৰা হব।
(১) কৃষক সকলে গোটেই শস্যচক্ৰতে সময়মতে দৰ্কাৰী তথ্যসমূহ পোৱাৰ বাবে উন্নত কৰা।
(২) ঠাই বিশেষে আৰু তদানীন্তন সময়লৈ শস্য পৰিচালনাৰ সম্পৰ্কীয় তথ্যৰে কৃষকক আঁচনিখনৰ কেন্দ্ৰমূখী আৰু সেৱাৰ মনোভাৱলৈ আনিবলৈ এই বিলাক চুক্তিৰ প্ৰয়োজনঃ-
(৩) চৰকাৰী সেৱা প্ৰদানত খৰতকীয়া কৰা
(৪) পুনৰ ৰূপাঙ্কণৰ পদ্ধতিৰে কৃষি বিভাগ, সহযোগিতা আৰু কৃষক কল্যান আঁচনি সমূহ বেছি কাৰ্য্যকৰী ভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে তথ্য সমূহ একত্ৰিত কৰা
(৫) মূল্যমান বিশিষ্ট সেৱাৰ উন্নয়নৰ বাবে এখন যৌথ ম়ঞ্ছৰ সৃষ্টি কৰি কৃষক সকল উন্নতি সাধিবলৈ ব্যক্তিগত খণ্ডলৈ সুবিধা আগবঢ়োৱা।
এম.এম.পি. আঁচনিক কৃতকাৰ্য্যতাৰে সম্পন্ন আৰু ধাৰণ কৰিবলৈ হলে কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ স্তৰত বিষয়া বৰ্গৰ পৰা এক গতিশক্তি পাব লাগিব।ফলস্বৰূপে, ৰাজ্যখনক আঁচনিখনৰ নিয়ম-নীতি কাৰ্য্যকৰীকৰণত সহায় কৰিবলৈ আৰু এই নীতি-নিয়ম সমূহ কেন্দ্ৰৰ সৈতে একে সুৰীয়া কৰিবলৈ অসমৰ কৃষি সঞ্চালকালয়ত ৰাজ্যিক প্ৰকল্প পৰিচালনা গোট(SPMU)স্থাপন কৰিবলৈ ২০১৪ চনৰ আগষ্টত Waterhouse Coopers ক নিৰ্বাচন কৰা হয়। এই প্ৰকল্পটো একে ধৰণেৰে ৪ টা ভাগত নক্সা কৰা হয় (মূল্যাঙ্কণ, আকৃতি, প্ৰকল্প পৰিচালনা(পাইলট), প্ৰকল্প পৰিচালনা (ৰোল আউট) আৰু মূল্য নিৰুপন।
ভাৰত চৰকাৰৰ কৃষি বিভাগ, সহযোগিতা আৰু কৃষক কল্যান(DACFW)ই চূড়ান্ত কৰা গবৰ্নেসৰ আকাৰ তলত দিয়া ধৰণৰঃ-