১৬শ লোকসভাৰ যুটীয়া অধিবেশনত ভাষণ প্ৰদান কৰোতে ৰাষ্ট্ৰপতি মহোদয়ে কৈছিল যে প্ৰতি টোপাল পানীয়েই মূল্যবান। পানীৰ ক্ষেত্ৰত উচ্চ স্তৰৰ অগ্ৰাধিকাৰ ভিত্তিত সুৰক্ষা দিবলৈ চৰকাৰ দায়বদ্ধ। এইটোৱেই বহুদিনৰ পৰা নিষ্পত্তি নোহোৱা জলসিঞ্চন আঁচনিখন অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰিব আৰু হৰ খেত কো পানী আপ্তবাক্যৰে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাখন আৰম্ভ হব। সম্ভৱপৰ ক্ষেত্ৰত নদী সংযোগকে ধৰি বানপানী আৰু খৰাং বতৰৰ পুনৰাবৃত্তি নহবলৈ আমাৰ জলসম্পদখিনি আশা কৰা মতে ব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তাখিনি গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিবলগা বিষয়। জল সঞ্চয় আৰু জলসিঞ্চনৰ যোগে বৰষুণৰ পানী সংগ্ৰহ কৰি আমি পানী সংৰক্ষণ কৰিব পাৰো। পাৰ ড্ৰপ ম’ৰ ক্ৰপ আঁচনিখনত অতি ক্ষুদ্ৰ জলসিঞ্চন বৰ জনপ্ৰিয় হব। গোটেই দেশত ১৪১ নিযুত হেক্টৰ কৃষিভূমিত বৰ্তমানে ৬৫ নিযুত হেক্টৰ (বা ৪৫ শতাংশ) ভূমিতহে জলসিঞ্চন কৰা হৈছে। জলসিঞ্চনৰ ব্যৱস্থা নথকা অঞ্চলত বৰষুণৰ বাবে বৰকৈ কৰা নিৰ্ভৰশীলতা খেতিৰ বাবে সাংঘাতিক বিপজ্জ্বনক, কম উত্পাদনশালী প্ৰক্ৰিয়া। দেখা শুনাৰ পৰা এটা কথা গম পোৱা গৈছে যে নিশ্চিত বা সংৰক্ষিত জলসিঞ্চনৰ বাবে কৃষকসকলে কৃষিৰ কৌশলত পুঁজি খটোৱা আৰু যোগানৰ বাবে উত্সাহিত হয়, যিটো কথাই উত্পাদন বৃদ্ধি আৰু কৃষিৰ আয় বৃদ্ধি কৰে। প্ৰতি টোপাল পানী অধিক শস্য আপ্তবাক্যষাৰি প্ৰতিপন্ন কৰিবলৈ উচ্চাকাংক্ষী হৈ যাওতে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাখনে দেশৰ সকলো কৃষি ক্ষেত্ৰলৈ সংৰক্ষিত জলসিঞ্চন যেনেকৈ হলেও নিশ্চিত কৰিব, যিটো কথাই বহু প্ৰত্যাশিত গ্ৰাম্য উন্নয়ন আনিব।
প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা আঁচনিৰ বহল ভিত্তিত লক্ষ্যসমূহ এনেকুৱা-
এইবিলাকে ইয়াৰ ফলত কৃষিৰ উত্পাদন বৃদ্ধি কৰিব আৰু কৃষিৰ আয় বঢ়াব।