মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

ভূমি স্বাস্থ্য পত্ৰ

মই কেনেকৈ ভূমি স্বাস্থ্য পত্ৰ পাম ?

দুটা বছৰৰ ভিতৰত ৰাজ্যখনৰ সকলো কৃষকেই স্বয়ংক্ৰিয় ভাবে ভূমি স্বাস্থ্য পত্ৰ লাভ কৰিব।

বিভাগীয় ভাবে ৰাজ্যখনৰ সকলো প্ৰান্তৰ বৰ্ষাসিক এলেকাৰ ১০ হেক্টৰ আৰু জলসিঞ্চিত এলেকাৰ ২.৫ হেক্টৰ হিচাপত ভূমি-নমুনা সংগ্ৰহ কৰা হ’ব। ইয়াৰ আধাৰতে সংশ্লিষ্ট এলেকাধীন সকলো কৃষকে ভূমি স্বাস্থ্য পত্ৰ লাভ কৰিব।

ভূমিৰ সংগৃহীত নমুনা পৰীক্ষাগাৰত বিশ্লেষণ কৰি তাৰ ফলাফলৰ আধাৰত ভূমি স্বাস্থ্য পত্ৰ প্ৰস্তুত কৰাৰ দিহা কৰা হৈছে। কৃষকৰ পচন্দৰ ভিত্তিত সাৰ প্ৰয়োগ কৰিব পৰাকৈ ভূমি স্বাস্থ্য পত্ৰত সাৰ সম্পৰ্কীয় পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। একোখন পত্ৰত সৰ্বাধিক ৬ বিধ শস্যৰ বাবে পৰামৰ্শ আগবঢ়োৱা হ’ব। বিভাগীয় ভাবে কৃষকসকলৰ মাজত এই পত্ৰৰ বিতৰণৰ দিহা কৰা হৈছে।