মানুহৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা প্ৰাকৃতিক সম্পদেই হৈছে মাটি। শস্য গজা মাধ্যমটো হৈছে মাটি। গছৰ উদ্ভৱৰ বাবে মাটিয়েই কাৰিকৰী সাহায্য,পুষ্টি,পানী আৰু উদ্ভৱৰ বাবে আন আন হৰমোন সমুহ যোগান ধৰে। শিপাৰ বৃদ্ধিৰ উন্নয়নৰ বাবে মাটিখিনিত পৰ্য্যাপ্ত বতাহ, পানী আৰু বেছিভাগ ঘনত্ব থাকিব লাগিব। যিয়ে হওঁক, শিপাই পুষ্টি আৰু জলীয় ভাপ শোহা ক্ষমতাটো কেইটামান কাৰকে নিয়ন্ত্ৰন কৰে। শিপাৰ উপযুক্ত বৃদ্বিৰ বাবে মাটিখিনিত বতাহ,পানী আৰু বেছি ঘনত্ব থাকিব লাগিব। বহুবিলাক জটিল পদ্ধতিৰ পূৰ্ব্বে চৰ্ত লৈ মাটিৰ সৃষ্টি হয়, যেনে, বতৰ, ভূমিৰ ঢাল, স্বাভাৱিক অৱয়ব, মূল পদাৰ্থ আৰু সময়। যিহেতু বিভিন্ন আওহাওৱাৰ অঞ্চলৰ বিভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য আছে, এই বিভিন্ন বৈশিষ্ট্যৰ বাবে সেই অঞ্চলৰ মাটিৰ বৈশিষ্ট্যও বিভিন্ন ধৰনৰ হ’ব। গতিকে ৰং, গঢ় পিট, গভীৰতা, জলাস্তৰ আৰু পুষ্টি যোগানৰ দিশ সমূহ বিবেচনা কৰিলে বিভিন্ন অঞ্চলৰ মাটিও বিভিন্ন ধৰনৰ হয়। যিহেতু মাটিৰ গুণাগুণৰ ওপৰতে শস্যৰ উত্পাদন নিৰ্ভৰশীল, গতিকে মাটিৰ গুণাগুণ জনাটো দৰ্কাৰী কথা।