মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

মাটি

মাটিৰ স্বাস্থ্য কাৰ্ড

পাটনি

গছ-গছনিৰ বৃদ্ধিৰ বাবে মাটি হৈছে এবিধ জীৱন্ত উপাদান।এই উপাদান সমূহ হৈছে ধাতৱ পদাৰ্থ,জৈৱিক পদাৰ্থ, বায়ু আৰু পানী যিবিলাক বেলেগ বেলেগ অনুপাতত মিহলি হৈ গছ-গছনিৰ বৃদ্ধিৰ বাবে এটা শৃংখলৰ সৃষ্টি কৰে।ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি মাটিৰ অধ্যয়ন আৰু বিভাজন কৰা হয়,প্ৰাকৃতিক সম্পদ পৰিচালনাৰ বাবে মাটিৰ জৰীপ কাৰ্য্য কৰা হয় আৰু সাৰ প্ৰয়োগ আৰু পৰিচালনাৰ বাবে মাটি পৰীক্ষা কৰা হয়।

মাটিৰ পুষ্টি সাধন গুণঃ-

  • ভাৰতত উন্নত মানৰ বীজ,সাৰৰ প্ৰয়োগ আৰু নিশ্চিত জলসি়ঞ্চনৰ দ্বাৰা চকুত পৰাকৈ কৃষিবিভাগে প্ৰচুৰ খাদ্য শস্য উত্পাদন কৰিছে।২০১২-১৩ চনৰ সময়ছোৱাত পঞ্জাৱত ২৫০ কিঃগ্ৰাম/হেঃ, বিহাৰত ২১২ কিঃগ্ৰাম/হেঃ, হাৰিয়ানাত ২০৭কিঃগ্ৰাম/হেঃ,ৰ পৰা নাগালেণ্ডত ৪.৮কিঃগ্ৰাম/হেঃ,অৰুণাচল প্ৰদেশত ২কিঃগ্ৰাম/হেঃ লৈ বৃহত্ তাৰতম্যত পুষ্টিৰ বাবে সাৰ প্ৰয়োগ কৰা হৈছে।যিয়ে হওঁক দেশৰ বেছি অংশতে সামঞ্জস্যহীনভাৱে কৰা সাৰৰ প্ৰয়োগে্ প্ৰাথমিক পুষ্টি (যেনে,এন.পি.কে),দ্বিতীয় পুষ্টি (যেনে,গন্ধক) আৰু অতিক্ষুদ্ৰ পুষ্টি(যেনে,ব’ৰ’ন,দস্তা,তাম আদি)ৰ নাটনি ঘটাই।
  • মাটি পৰীক্ষা কৰি ঠাইতে বিশেষ পুষ্টি থকা সাৰ প্ৰয়োগৰ দ্বাৰা মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰটো সঙ্কটপূৰ্ণ।কোনো এটুকুৰা মাটিৰ বাবে অযোগ্য ধৰণৰ সাৰ প্ৰয়োগ কৰাটো অশুদ্ধ সাৰ প্ৰয়োগ পদ্ধতি বুলি কোৱা হয় আৰু তেনে ক্ষেত্ৰত কাৰ্য্যকাৰীতা বৃদ্ধিৰ বাবে সাৰৰ খৰছ হোৱাটো বন্ধ হয়। আল্মিক খাৰুৱা মাটিত ব্যৱহাৰ কৰিবলৈ বেলেগ বেলেগ ধৰণৰ সাৰ প্ৰয়োগ কৰা হয়।পানীৰে মিহলি কৰি দিব লগা সাৰ যদি টোপ টোপকৈ বা চটিয়াই দিয়া যায় তেন্তে পানী আৰু সাৰৰ বাবে ভাল উপযোগিতা পোৱা যায়।গতিকে যথেষ্ট পৰিমানে পোৱা গছৰ ধৰনৰ লগতে আল্মিক/ক্ষাৰীয় মাটিত দিব পৰা পুষ্টিয়ে যথেষ্ট বৃদ্ধি কৰে বাবে তেনে গছ ব্যৱহাৰ কৰা দৰ্কাৰ। ভাৰতত সাধাৰণতে বিস্তীৰ্ণ ভাৱে ব্যৱহাৰ কৰা সাৰ হৈছে এন.পি.আৰু কে. যিটো মাটিৰ বাবে কাচিত্হে দৰ্কাৰ হয় যিটো ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকলে বিভিন্ন শস্য উত্পন্ন কৰোতে দ্বিতীয় আৰু অতিক্ষুদ্ৰ পুষ্টিৰ কথাটো আঁতৰাই থয়। এই কথাবিলক মনত ৰাখি ভাৰত চৰকাৰে সংয়ুক্ত পুষ্টি পৰিচালনা(আই.এন.এম) অৰ্থাত্ সম পৰিমান আৰু ন্যায্য পৰিমানৰ ৰাসাযনিক দ্ৰব্য,লগত স্থানীয়ভাৱে প্ৰাপ্ত জৈৱিক সাৰ মাটি পৰীক্ষাৰ জৰিয়তে ধাৰ্য্য কৰা মতে মটিৰ গুণাগুণ আৰু শস্য উত্পাদনত ব্যৱহাৰ কৰে।

মাটি পৰীক্ষাৰ আঁচনিঃ-

  • মাটি পৰীক্ষাৰ আঁচনিখন ভাৰতত ‘১৯৫৫-৫৬’ চনত মাটিৰ উৰ্বৰতা স্থিৰ কৰা আৰু সাৰৰ ব্যৱহাৰ আঁচনিৰ অধীনত ১৬ টা মটি পৰীক্ষণ পৰীক্ষাগাৰ(STLS)স্থাপন কৰা হয়। বেলেগ বেলেগ ঠাইৰ মাটিৰ পুষ্টি আৰু গছত পোৱা পুষ্টি এই মাটি পৰীক্ষণ পৰীক্ষাগাৰত ৰাসায়নিকভাৱে নিৰ্ণয় কৰা হয়।১৯৮০ চন পৰ্য্যন্ত পৰীক্ষাগাৰ সমূহে মাটিৰ pH নিৰ্ণয়,গঠন,বৈদ্যুতিক প্ৰবাহ, জৈৱিক কাৰ্বন পোৱা হোৱা নাইট্ৰজেনৰ সূচক হিচাপে আৰু পোৱা P আৰু K হে বিশ্লেষণ কৰিছিল।
  • ভাৰত চৰকাৰৰ অৰ্থ সাহায্যত বছৰ বছৰ ধৰি মাটি পৰীক্ষা পৰীক্ষাগাৰ স্থাপন হৈয়েই আছে।২০১২-১৩ চনৰ সময়ছোৱাত গোটেই দেশত মাটি পৰীক্ষা কৰাৰ ক্ষমতা বছৰি ৩১ লাখটা নমুনা আছিল।ৰাজ্যিক চৰকাৰে কৃষক সকললৈ মাটি পৰীক্ষা কৰাৰ সুবিধাটো বিনামূলীয়াকৈ বা নামমাত্ৰ মূল্যলৈ আগবঢ়াইছিল।
  • মাটি পৰীক্ষা কৰি সুষম আৰু কাৰ্য্যক্ষম ভাৱে সাৰ প্ৰয়োগৰ পৰীক্ষা কৰাৰ সন্ধিক্ষণত, ৰাজ্য সমূহৰ সময়ে সময়ে মাটি পৰীক্ষাৰ আঁচনিখন উন্নত কৰিবলৈ পৰামৰ্শ দি থকা হৈছিল।ৰাজ্য চৰকাৰ সমূহে জিলা আৰু ব্লক ভিত্তিত উৰ্বৰতাৰ ওপৰত মানচিত্ৰ প্ৰস্তুত কৰিছিল। মাটি পৰীক্ষাৰ ‘ডাটা ’ সমুহ কৃষকসকলে ‘অনলাইনত’ পাব পৰাকৈ কম্পিউটাৰাইজ কৰা হৈছে।
  • ওপৰৰ এই কথা বিলাকৰ পৰা দেখা গ’ল যে মাটি পৰীক্ষন আৰু মাটিৰ গুণাগুণৰ কাৰ্ড বিতৰণৰ বাবে দেশত একে ৰূপৰ কোনো নিয়ম নাই।গছ-গছনিৰ বাবে বা আন কিবা প্ৰাকৃতিক দুৰ্যোগৰ বাবে মাটিৰ গুণাগুণৰ কিবা সাল-সলনি হৈছে নেকি সেই কথা নিশ্চিত কৰাৰ বাবে দুবছৰৰ মূৰে মূৰে সকলো মাটিৰ গুণাগুণৰ বাবে কাৰ্ড পোৱাৰ ব্যৱস্থা কৰা দৰকাৰ। মাটিৰ গুণাগুণৰ বাবে দিয়া কাৰ্ডত উল্লেখিত মাটিৰ পুষ্টিৰ অৱনমনটো মনযোগেৰে চোৱা-চিতা কৰাটো বেথি দৰকাৰ। সাৰৰ অৱনমন নিৰ্ণয় কৰি মাটিৰ গুণাগুণ দেখুওৱা কাৰ্ডৰ লগতে ক্ষুদ্ৰ আৰু উপান্ত কৃষক সকলে কৃষি ক্ষেত্ৰত অনুমোদিত সাৰ ব্যৱহাৰ কৰিবলৈ কাৰিকৰী সাহায্য পাব লাগে। গতিকে সময়ে সময়ে মাটি পৰীক্ষা কৰি কৃষিক্ষেত্ৰৰ বাবে পুষ্টি অনুমোদন কৰি পৰিচালনা কৰিবলৈ মাটিৰ গুণাগুণ পৰীক্ষা কৰা কাৰ্ড প্ৰদান কৰা বাবে প্ৰস্তাৱ লব লাগে। গোটেইবিলাক ৰাজ্যতে মাটি পৰীক্ষাৰ আঁচনি, মাটিৰ গুণাগুণ পৰীক্ষাৰ কাৰ্ড আৰু পুষ্টি পৰিচালনা ব্যৱহাৰৰ উন্নয়ন প্ৰচলন কৰা হৈছে। মাটিৰ গুণাগুণ পৰীক্ষা ভাৰত চৰকাৰৰে দিয়া নিৰ্দেশনা মতে কৰা হৈছে। এই আঁচনিৰ মধ্যস্থতাৰ খৰছ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৯০:১০ অনুপাতত ভাগ কৰা হৈছে।

উদ্দেশ্য

মাটিৰ স্বাস্থ্য কাৰ্ড আঁচনিৰ উদ্দেশ্যসমূহ এনেধৰণৰঃ

(১) দেশৰ সকলো কৃষকলৈ প্ৰতি দুবছৰৰ মূৰে মূৰে মাটিৰ স্বাস্থ্য কাৰ্ড দিব লাগে, কৃষি ক্ষেত্ৰত সাৰ প্ৰয়োগত মাটিৰ পুষ্টিত কি অৱনমন আছে সেই কথা জানিব পাৰে।

(২) সক্ষমতা বৃদ্ধিৰ জৰিয়তে মাটি পৰীক্ষণ পৰীক্ষাগাৰৰ কৰ্ম পদ্ধতি শক্তিশালী কৰিব পাৰি, কৃষি বিজ্ঞানৰ ছাত্ৰসকলক সংপৃক্ত কৰি ভাৰতীয় কৃষি গৱেষণা পৰিষদ/ ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ লগত কাৰ্য্যক্ষম যোগাযোগ স্থাপন কৰিব পাৰি।

(৩) মাটিৰ উৰ্ব্বৰা শক্তিৰ সংক্ৰান্তত কাঠিন্য পৰীক্ষা কৰিবলৈ গোটেই ৰাজ্যজুৰি একেদৰে নমুনা সংগ্ৰহৰ এক নিৰ্দ্দিষ্ট মানকেৰে ধাৰ্য্য কৰা আৰু নিৰ্দ্দিষ্ট জিলা সমুহক তালুক/ব্লকত চিহ্নিত কৰি সাৰ প্ৰয়োগৰ অনুমোদন দিয়া জিলাসমূহত মাটি পৰীক্ষাৰ ভিত্তিত পুষ্টিৰ পৰিচালনা কৰি পুষ্টি বৰ্দ্ধনৰ উন্নয়ন কৰা।

(৪) পুষ্টি বৰ্দ্ধনৰ অভ্যাস গঢ়িবলৈ জিলা আৰু ৰাজ্য ভিত্তিত কৰ্মচাৰী বৃন্দ আৰু প্ৰগতিশীল কৃষক সকলৰ ক্ষমতা বৃদ্ধি কৰা।