মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

জৈৱিক, অজৈৱিক সাৰ আৰু কীটনাশক

জৈৱিক সাৰ জীৱ-জন্ত কিম্বা উদ্ভিদৰ দৰে জৈৱিক বস্ত্তৰ পৰা প্ৰস্ত্তত কৰা হয়। গোবৰ, হাড় আদিৰ গুড়ি, কেচুঁ সাৰ, পচন সাৰ আদি সাধাৰনতে ব্যৱহাৰ কৰা এনে ধৰনৰ সাৰ। এনে সাৰ মাটিত দ্ৰবীভূত হ’বলৈ কিছুসময়ৰ প্ৰয়োজন হয়। মাটিত ভালকে দ্ৰবীভূত হোৱাৰ পিছতহে এনে সাৰ গছ-গছনি, শস্যাদিক যোগান ধৰাৰ লগতে মাটিকো পুষ্টি প্ৰদান কৰে। ইয়াৰ বিপৰীতে অজৈৱিক সাৰ বিভিন্ন ৰাসায়নিক পদ্ধতিৰে মানুহেহে কৃত্ৰিম ভাৱে প্ৰস্ত্তত কৰি লয়। সেয়ে এনে সাৰৰ পুষ্টি দক্ষতাৰ গতিকো ভিন্ন হোৱা পৰিলক্ষিত হয়। ইউৰিয়া, ছিংগল ছুপাৰ ফছফেট, মিউৰেট অৱ পটাছ আদি সাধাৰনতে ব্যৱহাৰ কৰা অজৈৱিক সাৰৰ বিশিষ্ট উদাহৰণ।

ইফালে কীটনাশক দ্ৰব্য আকৌ শস্যাদিকল ক্ষতিকাৰক কীট-প্ৰতংগৰ পৰা ৰক্ষা কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। কীটনাশক দ্ৰব্যৰ তালিকাত নিম্নোলিখিত দ্ৰব্যসমূহ অন্তৰ্ভূক্ত কৰা হৈছে।

১/ অপতৃণ নাশক

২/ পোক-পৰুৱা নাশক

৩/ কীট-পতংগৰ বংশ নিয়ন্ত্ৰক

৪/ কীটানুনাশক

৫/ উঁই নাশক

৬/ কুমজেলেকুৱা নাশক

৭/ ঘাতক মাছ কিম্বা মাছৰ বীজানুনাশক

৮/ শস্যৰ অনিষ্টকাৰী পক্ষীনাশক

৯/ এন্দুৰ-নিগনি আদি নাশক

১০/ পশুনাশক

১১/ বেক্টেৰীয়া নাশক

১২/ পতংগ বিতাৰক

১৩/ ভেকুঁৰনাশক

১৪/ সংক্ৰমন প্ৰতিৰোধক আৰু

১৫/ স্বাস্থ্যবিধি সংৰক্ষক

সামাগ্ৰিক ভাৱে কীটনাশক হ’ল এনে এক ৰাসায়নিক কিম্বা জৈৱিক দ্ৰব্য যিয়ে শস্যাদিৰ অপকাৰী কীট-পতংগক বিতাৰণ, কিম্বা তেনে কীট পতংগৰ বংশ বৃদ্ধিৰ প্ৰতিৰোধ অথবা মৰণ নিশ্চিত কৰে। অৱশ্যে জৈৱিক সাৰ প্ৰয়োগৰে শস্য উত্পাদনৰ বেলিকা জৈৱিক কীটনাশকৰ ব্যৱহাৰ আক্ষাৰিক অৰ্থতে অপৰিহাৰ্য।