মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

জৈৱিক, অজৈৱিক সাৰ আৰু কীটনাশক

সংক্ৰমণ ৰোধৰ সংহত প্ৰবন্ধন

অধিক ফচলৰ আশাত কৃষিক্ষেত্ৰত নিতাম্তই জধে মধে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ পৰিনতিত পৰিবেশ প্ৰদূষণ, পৰিবেশ তন্ত্ৰৰ অসমতা, খাদ্য-দ্ৰব্য, ফল-মূল, শাক-পাচলি, পশু খাদ্য, মাটি আৰু পানীত কীট নাশকৰ ঘনীভৱন, মানুহ অথবা পশু-পক্ষীৰ ক্ষেত্ৰত শাৰীৰিক ৰোগৰ প্ৰাদুৰ্ভাব, জৈৱ-নিয়ন্ত্ৰকৰ অপমৃত্যু অথবা শস্য-ঘাতকৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ দৰে অনাকাংক্ষিত পৰিঘটনা সংঘাটত হোৱাটো পৰিলক্ষিত হৈছে। এনে প্ৰেক্ষাপটতে ভাৰত চৰকাৰে দেশৰ কৃষি উন্নয়নৰ গতি ত্বৰান্বিত কৰি যাওতে যাতে কোনোধৰনৰ অনাকাংক্ষিত পৰিস্থিতিৰ পয়োভৰ ঘটিব নোৱাৰে সেই কথা নিশ্চিত কৰাৰ উদ্দেশ্যে শস্যৰ সংক্ৰংমণ প্ৰতিৰোধী এক সংহত প্ৰবন্ধন ব্যৱহাৰ আনুষ্ঠানিক ভাবে সূচনা কৰে ১৯৮৫ চনৰ পৰা। একান্তই এই ব্যৱস্থাৰ জৰিয়তে সাংস্কৃতিক, কাৰিকৰী, জৈৱিক আৰু প্ৰয়োজন ভিত্তিক ৰাসায়নিক সাৰ প্ৰয়োগ ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত উত্পাদন কৰা বিভিন্ন আঁচনিৰ জৰিয়তে এই প্ৰবন্ধন ব্যৱস্থাৰ প্ৰসাৰত মনোনিবেশ কৰা হৈছে।

একবিংশ শতিকাৰ আজিৰ প্ৰেক্ষাপটত সৰ্বত্ৰতে এতিয়া জৈৱিক ভাৱে উত্পাদিত খাদ্য দ্ৰব্যৰ, প্ৰচলন, জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষ, প্ৰদূষনমুক্ত পৰিবেশ তথা বহনক্ষম কৃষি-সংস্কৃতিৰ, চাহিদা বাঢ়িবলৈ ধৰিছে। এই চাহিদা প্ৰদূষণ কৰিবলৈ হ’লে ৰাসায়নিক কীট নাশক তথা ৰোগ নিৰাময়কৰ বিপৰীতে জৈৱ কীটনাশক আৰু ৰোগ নিৰাময়ক উপযুক্ত বিকল্প হৈ ধৰা দিছে। অৱশ্যে ভাৰত চৰকাৰৰ এই উদ্যোগৰ প্ৰতি সহাঁৰি জনালেও অসম চৰকাৰৰ প্ৰয়াস এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে বুলি উল্লেখ কৰিব পাৰি।

‘আই পি এম ’ৰ সঁজুলিঃ

  • নিৰীক্ষণঃ কীটনাশক আৰু ইয়াৰ প্ৰভাৱত হ ‘ব পৰা অনিষ্ট সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰখা, ইয়াৰ জৰিয়তে কীটনাশক দ্ৰব্যৰ লগতে কৃষিক্ষেত্ৰৰ শেহতীয়া প্ৰেক্ষাপট সন্দৰ্ভত যাৱতীয় তথ্য আহৰণ কৰি ৰোগ সংক্ৰমন কিম্বা শস্যক্ষেত্ৰৰ অনিষ্টকাৰীক নিয়ন্ত্ৰনৰ বাবে আটাইতকৈ উপযু্ক্ত প্ৰবন্ধন পদ্ধতি নিৰ্বাচিত কৰাত সহায়ৰ হাত আগবঢ়াব পৰা যায়।
  • বিভিন্ন অনিষ্টকাৰী নিয়ন্ত্ৰকঃ অনিষ্টকাৰীক বাৰণ কৰাৰ বাবে চলোৱা এক নিৰন্তৰ প্ৰচেষ্টা। নিৰ্দ্দিষ্ট অনিষ্টকাৰীক ৰুধিবলৈ নিৰ্দ্দিষ্ট নিয়ন্ত্ৰক সময় সাপেক্ষে নিৰ্বাচিত কৰি লোৱা হয়।
  • সাংস্কৃতিক নিয়ন্ত্ৰণঃ অনিষ্টকাৰী ৰ বৰ্দ্ধন সীমিত কৰিব পৰা শস্য উত্পাদনী পৰম্পৰা সৃষ্টিক সামৰি লোৱা হৈছে এই ব্যৱস্থাত।
  • কাৰিকৰী নিয়ন্ত্ৰণঃ অনিষ্টকাৰীৰ আচৰণ অধ্যয়নৰ আধাৰত এনে নিয়ন্ত্ৰন ব্যৱস্থা যুগুতাই লোৱা হয়। হাতেৰে ধৰা, চৰাই পৰিব পৰাকৈ গছ-গছনি অন্যান্য ব্যৱস্থাৰ দিহা কৰা, জাল পেলোৱা, ফান্দ পতা আদি এনে ব্যৱস্থাৰ উদাহৰণ।
  • জৈৱিক নিয়ন্ত্ৰণঃ শস্য অনিষ্টকাৰী পোক-পৰুৱাৰ প্ৰাকৃতিক শত্ৰুৰ হাৰ বৃদ্ধি তথা সংৰক্ষণ জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হৈছে।
  • ৰাসায়নিক নিয়ন্ত্ৰণঃ অন্যান্য উপায়ৰে যদি শস্য অনিষ্টকাৰীক ৰুধিব পৰা নাযায় তেন্তে ৰাসায়নিক কীট নাশকৰ প্ৰয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সাংগঠনিক গঠনঃ

এচ.বি.চি.এল.ত বৰ্তমান জনবল তলত উল্লেখ কৰা ধৰণৰ-