মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

কাৰ্যাৱলী আৰু উদ্দেশ্য

কাৰ্যাৱলী

(১) ৰাজ্যত মাটি,পানী,গছ-গছনিক উত্তম ভাৱে ব্যৱহাৰ কৰি সোনকালে কৃষি বৃদ্ধিৰ বাবে কৌশলৰ সূত্ৰ আৰু কাৰ্য্যকাৰিতাৰ উদ্ভাৱন আৰু কৃষি সম্প্ৰসাৰণৰ যোগে কৃষক সকললৈ সেৱা আগবঢ়োৱা

(২) কৃষক সকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে লাভজনক আঁচনিৰ কাৰ্য্যকৰী কৰা

(৩) কৃষি সেৱা আগবঢ়োৱাৰ দ্বাৰা কৃষকসকলৰ মাজত কৃষি বিভাগৰ সমণ্বয়ৰ যোগে কাৰিকৰী তথ্য সৰবৰাহ কৰা

(৪) সময় মতে আৰু উপযুক্ত পৰিমাণৰ আৰু মানৰ যোগান আৰু সেৱা,যেনে,সাৰ,বীজ,কীটনাশক,খেতিৰ সঁজুলি আদিৰ বাবে সম্ভৱপৰ সকলোবোৰৰ পোষকতা কৰা

(৫) ক্ষু্দ্ৰ জলসিঞ্চন আঁচনিৰ জৰিয়তে কৃষক সকলৰ নিশ্চিত জলসিঞ্চনৰ নিশ্চিতি দিয়া, যাতে তেওঁলোকে তেওঁলোকৰ খেতিৰ পৰা বেছি পৰিমাণৰ উত্পাদন পায়।

(৬) কৃষকৰ বন্ধু জৈৱ-সাৰক জনমুখী কৰা

(৭) কীট নাশক দ্ৰব্যৰ ব্যৱহাৰ নিম্নমুখী কৰিবলৈ কৃষকলৈ আহ্বান আৰু সংযুক্ত কীট পৰিচালনা পদ্ধতি অৱলম্বন কৰি পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰন কৰা

(৮) পৰমপপৰাগত শস্যৰ পৰা বাণিজ্যিক শস্যলৈ বিস্তৃত কৰিবলৈ কৃষকলৈ আহ্বান।

(৯) গোটই ৰাজ্যতে কৃষিক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা মাটিৰ নমুনাৰ পৰা পোৱা মাটিৰ গুণাগুণৰ ফল আৰু পুষ্টিৰ নমুনা নিৰীক্ষণ কৰা

(১০) জলচ্ছেদ প্ৰকল্প কাৰ্য্যকৰী কৰি কৃষকক মাটি আৰু পানী সংৰক্ষণৰ কৌশলৰ বিষয়ে শিক্ষিত কৰি তোলা

(১১) কৃষি ঋণ, শস্য বীমাৰ ব্যৱস্থা কৰা আৰু কৃষক সকলক উত্পাদিত ফচলৰ পৰা উপযুক্ত লাভ পোৱাৰ ব্যৱস্থা কৰা।

(১২) (বানপানী,খৰাং আদিৰ দৰে) প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য আঁচনিৰ ব্যৱস্থা কৰা

(১৩) উন্নয়ন আঁচনিৰ বাবে প্ৰয়োজন হোৱা কৃষি সংক্ৰান্তৰ পৰিসংখ্যা আৰু অৰ্থনৈতিক তথ্য সমূহ জৰীপ কৰি সংৰক্ষণ কৰা

(১৪) তথ্য আৰু যোগাযোগ প্ৰযুক্তি  প্ৰয়োগৰ জৰিয়তে কৃষক সকলক সহায় কৰা

(১৫) মহিলাক অৰ্থনৈতিক ভাৱে সৱলীকৰণ

(১৬) গ্ৰাম্য দৰিদ্ৰতা নিৰ্মূল কৰা

(১৭) গ্ৰাম্য বাসিন্দাৰ জীৱন ধাৰণৰ মান আৰু পুষ্টি সাধনৰ মাণ উন্নীত কৰা

উদ্দেশ্য

বাৰ্ষিক ২ % বৃদ্ধিৰ লক্ষ্য