মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

কৃষকৰ তথ্য আৰু পৰামৰ্শ কেন্দ্ৰ (FIAC)

ব্লকৰ স্তৰত কৃষক, ব্লকৰ স্তৰত কৃষি বিষয়া আৰু তেনে ধৰণৰ বিভাগ সমূহে প্ৰশিক্ষণ, আলোচনা, তৃণমূল পৰ্য্যায়ত আঁচনি আদি কৰিবলৈ কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰ প্ৰতিস্থা কৰা হৈছে।

অসমত ২০০৮-০৯ চনত ৰাষ্ট্ৰীয় কৃষি যোজনা(RKVY)ৰ অধীনত ৭৬ টা কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰ আৰু ২০১২-১৩ চনত অসম কৃষি প্ৰতিযোগিতামূলক আঁচনিৰ (AACP-AF) অধীনত ৯১ টা কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰ  প্ৰতিষ্ঠা কৰা হৈছে (তালিকা দিয়া আছে)। ব্লকৰ স্তৰত সভা, প্ৰশিক্ষণ আদি সমাধা কৰিবলৈ, তথ্য আদান-প্ৰদান কৰিবলৈ ২৫-৩০ জন কৃষক সদস্যৰ বাবে বহাৰ আয়োজন আৰু আচবাব আদি থকা কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰ  হৈছে এখন মঞ্চ।

কেন্দ্ৰীয় ভাৱে পোষকতা কৰা (CSS) কৃষি কাৰিকৰী পৰিচালনা সংস্থা, কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰ খণ্ড পৰ্য্যায়ত সৃষ্টি কৰা। ইয়াত দুটা সন্থা আছে, যেনে, কৃষক পৰামৰ্শ কমিটি (FAC) আৰু খণ্ড কাৰিকৰী দল ১১-১৫জন কৃষকেৰে গঠিট কৃষক পৰামৰ্শ কেন্দ্ৰ  হৈছে বিভিন্ন উদ্যোগ আৰু আৰ্থ-সামাজিক স্তৰৰ প্ৰতিনিধি। আনহাতে খণ্ড কাৰিকৰী দলে একেলগে কৃষি কাৰিকৰী পৰিচালনা সংস্থা ৰ আঁচনি আৰু অভিযানকাৰী হাত হিচাপে কাম কৰে। প্ৰতি জিলাৰ জিলা কৃষি বিষয়া গৰাকী হৈছে কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰৰ তত্বাৱধায়ক, কৃষি কাৰিকৰী পৰিচালনা সংস্থা ৰ প্ৰকল্প সঞ্চালক আৰু তেৱেই কৃষক তথ্য আৰু পৰামৰ্শ কেন্দ্ৰৰ কাম-কাজ সমূহ দেখা শুনা কৰে।

Downloads
TitleSizeDetail
List of FIAC constructed under AACP-AF.pdf595.18 KBswf-image
List of FIAC constructed under RKVY 2008-09.pdf435.64 KBswf-image