মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

ক্ষুদ্ৰ-কৃষি সজুঁলি উত্পাদনৰ বাবে বিভাগীয় কৰ্মশালা

কৃষি কাৰ্য্যৰ বাবে প্ৰতি দিনৰ কাম-কাজৰ বাবে কৃষক সকলে ব্যৱহাৰ কৰা সৰু সৰু সঁজুলি সমূহৰ বৰ দৰ্কাৰী। বিভিন্ন ধৰণৰ যন্ত্ৰপাতি বিভিন্ন কামত ব্যৱহাৰ কৰি থকিলেও কৃষি কৰ্মৰ বাবে হাত-সঁজুলি সমুহৰ ব্যৱহাৰ অনস্বীকাৰ্য্য। আটাইতকৈ বেছি ব্যৱহাৰ হোৱা সঁজুলি বিলাক হৈছে কাঠৰ নাঙল, ধান নিৰনি, কনো উইদাৰ, জবকা, শুকান মাটিৰ নিৰনি, হাত কোদাল, খুৰপি, শাৰীত চিন দিয়া সঁজুলি আদি তেনে কিছুমান সঁজুলি পোৱা যায়, তথাপি ইয়াৰে ভালেখিনিও বস্তু বজাৰত পোৱা নাযায় আৰু সেই বিলাক স্থানীয় ক’লা-কুশলীয়ে বনাই দিয়ে। কিন্তু কেঁচা-মালৰ মূল্য বৃদ্ধিয়ে এই বিলাক ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ মহাৰ্ঘ কৰি তুলিছে ।

কৃষকৰ চাহিদা পুৰাবলৈ ক্ষুদ্ৰা আৰু হাতেৰে কাৰ্য্য সম্পাদনৰ বাবে সঁজুলি বনাবলৈ কেইবা দশক আগতে কাৰখানা বনোৱা হৈছিল। বৰ্ত্তমান সেই কাৰখানা বিলাক অকাৰ্য্যকৰী হৈ পৰিছে, যিবিলাকক বৰ্ত্তমানে উন্নত আন্তঃগাঠনিৰ বাবে বিদ্যুত্ সংযোগ কৰি কাৰ্য্যক্ষতা বৃদ্ধিৰে উন্নতমানৰ কৰি তুলব লগা হৈছে।

ক্ষুদ্ৰ-কৃষি সজুঁলি বনোৱা বিভাগীয় কাৰখানাৰ তালিকাঃ-

ক্ৰমিক নংস্থানকাৰ্য্যকৰী কৰা কাৰ্য্যালয়
উলুবাৰী, গুৱাহাটীকাৰ্য্যবাহী অভিযন্তা,(কৃষি), কামৰূপ
যোৰহাটকাৰ্য্যবাহী অভিযন্তা,(কৃষি), যোৰহাট
শিলচৰকাৰ্য্যবাহী অভিযন্তা,(কৃষি), শিলচৰ
তেজপুৰকাৰ্য্যবাহী অভিযন্তা,(কৃষি), তেজপুৰ
ৰহাসহকাৰী কাৰ্য্যবাহী অভিযন্তা,(কৃষি), ৰহা
কোকোৰাঝাৰকাৰ্য্যবাহী অভিযন্তা,(কৃষি), কোকোৰাঝাৰ
হাফলংকাৰ্য্যবাহী অভিযন্তা,(কৃষি), হাফলং
ডিফুকাৰ্য্যবাহী অভিযন্তা,(কৃষি), ডিফু