দেশৰ জৈৱিক কৃষিৰ উত্তৰোত্তৰ সাধনৰ উদ্দেশ্য কেন্দ্ৰীয় কৃষি মন্ত্ৰালয় ৰাষ্ট্ৰীয় জৈৱিক কৃষি কেন্দ্ৰ আৰু ‘ এফ এ অ ’-ই যুটীয়া ভাৱে এক কাৰিকৰী সহযোগিতা কাৰ্যক্ৰম ৰূপায়নৰ ব্যৱস্থা কৰিছে। ভাৰতত উত্পাদিত আৰু ব্যৱহৃত খাদ্য দ্ৰব্যৰ জৈৱিক নিশ্চিত পদ্ধতি—চমুকৈ ‘ পি জি এছ ’ প্ৰৱৰ্তন কৰাটো হৈছে এই কাৰ্যক্ৰমৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য। সাম্প্ৰতিক কালত পৃথিৱীৰ প্ৰান্তত প্ৰবৰ্তিত ‘ পি জি এছ ’ ৰ আৰ্হিতে ভাৰততো এক অংশগ্ৰহণকাৰী নিশ্চিত পদ্ধতি বিকশিত কৰা হৈছে। এইক্ষেত্ৰত ব্ৰাজিল; নিউজীলেণ্ড আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত ইতিমধ্যেই সফল হোৱা নিশ্চিত পদ্ধতি সমল বিশেষ ভাবে গ্ৰহণ কৰা হৈছে।
ভাৰতত ‘পি জি এছ ’ ক অংশগ্ৰহণ, দৃষ্টিভংগীৰ আদান প্ৰদান, স্বচ্ছতা আৰু বিশ্বাসৰ আধাৰত গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে।
ভাৰতৰ ‘পি জি এছ ’ য়ে দুই ধৰণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰেঃ
১) পি জি এছ গ্ৰীণ প্ৰমাণ পত্ৰঃ এই প্ৰমাণ পত্ৰ পৰিবৰ্তনৰ দিশে আগবাঢ়িবলৈ ধৰা গোটসমূহকে প্ৰদান কৰা হয়।
২)পি জি এছ – অৰ্গেনিক প্ৰমাণ পত্ৰঃ এই প্ৰমাণ পত্ৰ পৰিবৰ্তনৰ ধাৰা সফলতাৰে সম্পূৰ্ণ কৰি প্ৰকৃতাৰ্থত জৈৱিক উত্পাদকৰ পৰ্যায় লাভ কৰোতাসকলক প্ৰদান কৰা হয়।
‘পি জি এছ’ ত স্থানীয় গোটসমূহেই কাৰ্যনিৰ্বাহ পৰিদৰ্শন তথা সিধান্তকাৰী হিচাপে মুখ্য কাৰ্যবাহীৰ ভূমিকা পালন কৰে।
আঞ্চলিক পৰিষদঃ স্থানীয় গোটসমুহৰ দক্ষতা বৰ্দ্ধন তথা সিদান্ত অনুমোদনত সহযোগিতা আগবঢ়াব পৰাকৈ আঞ্চলিক পৰিষদ গঠন কৰা হৈছে।
মণ্ডল পৰিষদঃ সিদ্ধান্ত গ্ৰহণত কোনো ধৰণৰ ভূমিকা পালন নকৰা এই পৰিষদে নিৰীক্ষণ আৰু তদাৰকাৰী দায়িত্ব পালন কৰে।
পি জি এছ সচিবালয়ঃ এই সচিবালয়ে তথ্য সংৰক্ষণ, নীতি-নিৰ্দেৰ্শনা যুগুতকৰণৰ লগতে কৰ্মসূচী ৰূপায়নত ভূমিকা পালন কৰে।
পি জি এছ- জৈবিকৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশঃ
Title | Size | Detail |
---|---|---|
Organizational Structure of PGS India.pdf | 429.07 KB |