মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

কীটনাশক

কীটনাশক দ্ৰব্যক শস্য সংৰক্ষক (শস্য সংৰক্ষক দ্ৰব্য বুলিও অভিহিত কৰা হয়) হিচাপে ব্যৱহাৰ কৰা হয়। ইয়ে সাধাৰনতে শস্যক পোক-পৰুৱা, ভেঁকুৰ কিম্বা চৰাই-চিৰিকতি আদিৰ পৰা ৰক্ষা কৰে। শস্য অনিষ্টকাৰীক নিধন কৰিব পৰা এনেবোৰ দ্ৰব্য দৰাচলতে ৰাসায়নিক পদাৰ্থ। সামগ্ৰিক যিয়ে কীট-পতংগ, ভেঁকুৰ আদিৰ পৰা শস্য অনিষ্টকাৰীৰ বংশ নিয়ন্ত্ৰন, নিধন কিম্বা উপদ্ৰৱ মৰিষণ কৰিব পাৰে।

কীটনাশক প্ৰয়োগৰ পৰম্পৰা ইমানেই প্ৰবল যে এই দ্ৰব্যসমূহৰ প্ৰয়োগক শস্য সংৰক্ষক হিচাপেই গণ্য কৰি অহা হৈছে। শস্য অনিষ্টকাৰী,  পশুধন নিধনকাৰী অথবা শস্যৰ উত্পাদনশীলতা হ্ৰাসকাৰীক নিবাৰন কৰাৰ উদ্দেশ্যেই কীটনাশক সমূহক সাধাৰণতে প্ৰয়োগ কৰা হয়।

অনিষ্টকাৰীক ৰুধিব পৰা গুণৰ আধাৰতে সাধৰণতে কীটনাশক দ্ৰব্যসমুহক নামাংখিত কৰা হয়। ইয়াৰে কিছুমান কীটনাশকে জীৱাণু কিম্বা অন্যান্য জীৱৰ অনিষ্টকাৰীতা নোহোৱা কৰি মাটিৰ সৈতে নিৰাপদে মিহলি কৰি পেলাব পাৰে আন কিছুমানক আকৌ এনে কৰিবলৈ বহু মাহ অথবা বছৰৰে প্ৰয়োজন হয়।

Downloads
TitleSizeDetail
Types of Pesticides and uses.pdf439.89 KBswf-image