মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

এগমাৰ্ক পৰীক্ষাগাৰৰ পৰীক্ষণ পদ্ধতি

এগমাৰ্ক পৰীক্ষাগাৰৰ পৰীক্ষণঃ

এগমাৰ্ক এক স্বেচ্ছামূলক আচঁনি। কৃষিজাত দ্ৰব্যৰ পেকেট কৰোতাসকলে কৰ্তৃত্বশীলতাৰ প্ৰমাণপত্ৰ চাৰ্টিফিকেট অব অথৰাইজেশ্যন চিত্ৰ আদায় কৰাক বাবে ৰাজ্য চৰকাৰৰ এজেন্সী অৰ্থাত্ কৃষি (বিপণন) উপ সঞ্চালকৰ জৰিয়তে আবেদন কৰিব লাগ। উপসঞ্চালক গৰাকীৰ কাৰ্যালয়ে ৰাজ্যিক মানক পৰীক্ষাগাৰৰ অনুমোদিত ৰাসায়নিক তত্বাৱধানত এই আবেদন চালি-জাৰি চাই ভাৰত চৰকাৰৰ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয়লৈ এই আবেদন প্ৰেৰণ কৰে। উপযুক্ত বিবেচনা কৰিলে ভাৰত চৰকাৰৰ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয়ে ‘এগমাৰ্ক অনুজ্ঞাপত্ৰ’ অৰ্থাত্ কতৃত্বশীলতাৰ প্ৰমাণ পত্ৰ (চিত্ৰ) প্ৰদান কৰে। গুৱাহাটীত খকা ভাৰত চৰকাৰৰ বিপণন আৰু পৰিদৰ্শন সঞ্চালকালয়ৰ আঞ্চলিক কাৰ্যালয়ে ৰাজ্যিক মানক পৰীক্ষাগাৰৰ সংশ্লিষ্ট ৰসায়নবিদসকলৰ বাবে কলকাতাত থকা এগমাৰ্ক পৰীক্ষাগাৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ে। কৃষিজাত সামগ্ৰীৰ বিশ্লেষণ আৰু এগমাৰ্ক প্ৰতীকযুক্ত লেবেল আদায়ৰ বাবদ পেকেট কৰোতাসকলে ভাৰত চৰকাৰৰ বিপনন আৰু পৰিদৰ্শন সঞ্চালকালয়ৰ নামত সামন্য পৰিমানৰ মাচুল জমা দিয়াৰ প্ৰয়োজন হয়।

মা-মচলা আদিৰ ক্ষেত্ৰত ‘টোলৈ এশ্ব ’, ‘এচিদ ইনছালিউবল এশ্ব মইশ্বাৰ’, ‘ষ্টাৰ্শ্ব কনটেন্ট’,  ‘ক্ৰুড ফাইবাৰ ভলেটাইল এক্সট্ৰেক্ট ক্ৰমেট‘ আদিৰ পৰীক্ষণ সম্পন্ন কৰিবলগীয়া হয়। ‘এচেনচিয়েল অইল‘ নিৰ্দ্ধাৰণ স্পেচিফিক গ্ৰেভিটী আদিৰ পৰীক্ষণ সম্পন্ন কৰা হয়, আৰ্জিম’ন অইলৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে। সেইদৰে ৰিফ্ৰেক্টিভ ইনডেক্স, এচিদ ভেলু নিৰ্দ্ধাৰণ আৰু ফ্ৰী ফেটী এচিদ, আয়’ডিন ভেলু আদিৰ পৰীক্ষণ সম্পন্ন কৰা হয় সৰিয়হৰ তেলৰ বাবে। মৌৰ ক্ষেত্ৰত স্পেচিফিক গ্ৰেভিটী, এনিলাইন ক্ল’লাৰাইড, টোটেল ৰিডিউচিং ছুগাৰ, টোটেল ছুগাৰ ফ্ৰুক্টোজ গ্লোকোজৰ অনুপাত, এচিদ ভেল্যু, ফিচ্ছেছ আদিৰ পৰীক্ষণ সম্পন্ন কৰা হয়।