ৰাষ্ট্ৰীয় কৃষি গৱেষণা যোজনাখন ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰ্যালয়ৰ কৃষি আৰু সহযোগ বিভাগে একাদশ পৰিকল্পনাৰ সময়ছোৱাত কৃষিখণ্ডৰ ৪ শতাংশ বৃদ্ধিৰ লক্ষ্য আগত ৰাখি ২০০৭-০৮ চনৰ পৰা আৰম্ভ কৰে। পুঁজি যোগানৰ গুণত কৃষি আৰু তেনেকুৱা সহযোগী বিভাগে একাদশ পৰিকল্পনাৰ সময়ছোৱাত বাৰ্ষিক ৩.৬৪ শতাংস বৃদ্ধিৰ লক্ষ্যত উপনীত হয়, যিটো দশম পৰিকল্পনাৰ সময়ছোৱাত বাৰ্ষিক বৃদ্ধিৰ হাৰ ২ শতাংশ আছিল।
১৯৮০ চনৰ সময়ছোৱাত কৃষিৰ জি.ডি.পি ৩ শতাংশতে স্থিৰ হৈ আছিল। ভাৰতবৰ্ষই নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ (১৯৯৬ৰ পৰা ২০০১-০২) সময়ত কৃষিৰ বৃদ্ধি ৪ শতাংশ লক্ষ্য আছিল যদিও আচল বৃদ্ধি তাতকৈ বহু কম আছিল। দেশৰ কৰ্মশক্তিৰ ৫০ শতাংশ ভাগ মানুহেই জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষি আৰু আনুষঙ্গিক খণ্ডত লেহেমীয়া বৃদ্ধিয়ে দেশৰ অৰ্থনীতিত ৭ীক্ষ্ণ চাপৰ সৃষ্টি কৰিব পাৰে, কিয়নো এইটো খণ্ডত নিৰ্ভৰশীল বহুবিলাক মানুহে মুখামুখি হোৱা সমস্যাসমূহ হল-
যদিও আন্তঃগাঁঠনিৰ দৰে কিছুমান খণ্ডত ৰাজহুৱা আৰু ব্যক্তিগত পুঁজিৰ বহুমুখী বৃদ্ধি হৈছে, কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰত কিন্তু তেনে হোৱা নাই, ফলস্বৰূপে কৃষক সমাজক পিবদৰ মুকলৈ ঠেলি দিয়া হৈছে, বিশেষকৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক। গতিকে কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰত পুঁজি যোগানৰ ওপৰত উত্সাহ যোগোৱাটোৰ প্ৰয়োজন অনুভৱ কৰা হৈছে। এই কথাখিনিকে পশ্চাদপটত ৰাখি দেশৰ আৰু কৃষকসকলৰ সমস্তৰে উন্নয়নৰ বাবে কৃষি আৰু আনুষঙ্গিক ক্ষেত্ৰৰ বাৰ্ষিক ৪ শতাংশ বৃদ্ধিৰ লক্ষ্যৰে ২০০৭-০৮ চনৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা সূচনা কৰা হৈছিল।
ৰাজ্যসমূহক উত্সাহিত কৰি, বতৰৰ পৰিৱৰ্তনৰ কথাটো ধৰি লৈ কৃষিৰ আঁচনিসমূহ বেছি বোধগম্য কৰি প্ৰাকৃতিক কাৰণ আৰু কৌশল সমূহকে সামৰি লৈ আৰু পশুপালন, হাঁহ কুকুৰা পালন আৰু মীন পালন, এই সকলোকে একগোট কৰি লৈ কৃষি আৰু আনুষঙ্গিক খণ্ডত কেন্দ্ৰীভূত কৰি উন্নত কৰিবলৈ আঁচনিখন কাৰ্যকৰী কৰা।
দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত কৃষি আৰু আনুষঙ্গিক খণ্ডত সমূহীয়াভাৱে উন্নয়ন সাধন নিশ্চিত কৰি আশা কৰা মতে বাৰ্ষিক লক্ষ্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা উপনীত হোৱা। আঁচনিখনৰ মূল উদ্দেশ্য হৈছে –